নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ ব‍্যক্তিগত সচিব ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ শদিয়াৰ বিধায়ক বলিন চেতীয়া ক’ভিড ৰোগত আক্ৰান্ত হোৱাৰ পাছতেই তেখেতৰ ব‍্যক্তিগত সচিব বিদ‍্যুৎ গগৈৰ দেহতো ক’ভিড পজিটিভ পোৱা গৈছে । স্বাস্থ্যবিভাগৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বিধায়কগৰাকীৰ সচিব বিদ‍্যুৎ গগৈয়ে যোৱা ৬ জুলাইত তিনিচুকীয়াত ছোৱাব দি দুলীয়াজানস্হিত অসম গেছ কোম্পানীৰ গেষ্ট হাউছত কোৱাৰেন্টাইন হৈ আছিল ।

সম্প্ৰতি বিধায়কৰ ব‍্যক্তিগত সচিবগৰাকী তিনিচুকীয়া চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত আছে বুলি জানিব পৰা গৈছে ।

আনহাতে ক’ভিড আক্ৰান্ত চি আৰ পি এফৰ জোৱান এন এন মুৰথি যোৱা ৬ জুলাইত তিনিচুকীয়াস্হিত মানৱ কল‍্যাণ ভৱনত ছোৱাব দি দুলীয়াজান বকুলনীস্হিত চি আৰ পি এফৰ কেম্পত কোৱাৰেন্টাইন হৈ আছিল ।

ইফালে উত্তৰ প্ৰদেশৰ পৰা আহি দুলীয়াজান মহাবিদ্যালয়ৰ আই টি আই হোষ্টেল ক’ভিড কেন্দ্ৰত কোৱাৰেন্টাইন হৈ থকা ডিব্ৰুগড়ৰ শ্বাহিদ বৰ্ষিৰ দেহতো ক’ভিড পজিটিভ ধৰা পৰিছে ।

You might also like