নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ২০২২ চনত কাটাৰত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰিলে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ ফিফাৰ এই সন্মানীয় প্রতিযোগিতাখন ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ আল বেইড ষ্টেডিয়ামত স্থানীয় সময় অনুসৰি দিনৰ ১ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা কৰিব আয়োজক কাটাৰে৷
বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ গ্রুপ পর্যায়ত প্রতিদিনে চাৰিখনকৈ খেল অনুষ্ঠিত হ’ব৷ স্থানীয় সময় অনুসৰি প্রথমখন খেল দিনৰ ১ বজাত আৰম্ভ হোৱাৰ বিপৰীতে চতুর্থ তথা অন্তিমখন মেচ নিশা ১০ বজাত অনুষ্ঠিত হ’ব বুলি ফিফাই সদৰী কৰিছে৷ ইপিনে, দ্বিতীয় আৰু তৃতীয়খন মেচ বিয়লি ৪ বজাত আৰু সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব৷ আনহাতে, গ্রুপ পর্যায়ৰ অন্তিম ৰাউণ্ডৰ খেল আৰু নকআউট পর্যায়ৰ খেলসমূহ সন্ধিয়া ৬ বজাত আৰু নিশা ১০ বজাত অনুষ্ঠিত হ’ব৷ এছিয়ান গেমছ অনুষ্ঠিত হোৱা খালিফা আন্তর্জাতিক ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ তৃতীয় স্থানৰ প্লে–ফৰ মেচখন অনুষ্ঠিত হ’ব৷ এই মেচখন ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে খালিফা আন্তর্জাতিক ষ্টেডিয়ামত এছিয়ান গেমছৰ লগতে গ’ল্ফ কাপ, এ এফ চি এছিয়ান কাপ আৰু ২০১৯ চনৰ ফিফা ক্লাব বিশ্বকাপৰ পাঁচখনকৈ মেচ অনুষ্ঠিত হৈছিল৷
আনহাতে, সন্মানীয় ফুটবল প্রতিযোগিতাখনৰ খিতাপ যুঁজৰ মেচখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ ৮০,০০০ আসনবিশিষ্ট লুচেইল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ স্থানীয় সময়মতে এই মেচখন সন্ধিয়া ৬ বজাত আৰু আন্তর্জাতিক মান সময়মতে পুৱতিনিশা ৩.৩০ বজাত অনুষ্ঠিত হ’ব৷ ইপিনে, বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই জনোৱা অনুসৰি, গ্রুপ পর্যায়ৰ খেল ১২ দিন ধৰি চলিব৷ মন কৰিবলগীয়া যে এছিয়াত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়াভাৱে ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰিছিল৷