ৰাজ্য চৰকাৰলৈ কেন্দ্রৰ জৰুৰী বার্তা; আগষ্টত অসমত তিনি গুণ হ’ব আক্রান্ত
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত অহা আগষ্ট মাহত ক’ৰোনাৰ পৰিৱেশ অতি ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ শেহতীয়াকৈ দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ থকাৰ সময়তে এই উদ্বেগজনক তথ্য সদৰী কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি ৩০ আগষ্টৰ ভিতৰত অসমত ক’ৰোনা ৰোগীৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি পাব৷
নগাঁৱত এই উদ্বেগ তথা আশংকা প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নগাঁৱত ক’ৰোনা সংক্রমণ সন্দর্ভত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই তথ্য প্রকাশ কৰি কয় যে ৰাজ্যত আগষ্ট মাহৰ ভিতৰত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬৫,০০০লৈ বৃদ্ধি পাব৷ আনহাতে, কেৱল গুৱাহাটীতেই আগষ্ট মাহৰ ভিতৰত ক’ৰোনা আক্রান্তৰ সংখ্যা ৩২ হাজাৰলৈ বৃদ্ধি পাব৷ কেন্দ্রীয় চৰকাৰে এই সন্দর্ভত ৰাজ্য চৰকাৰলৈ বার্তা প্রেৰণ কৰাৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– নগাঁৱলৈ অহাৰ কিছু সময় পূর্বেই কেন্দ্রীয় চৰকাৰৰ এই উদ্বেগজনক পত্র লাভ কৰিছোঁ৷ গুৱাহাটীত বিষয়টো সন্দর্ভত স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলে আলোচনা কৰি আছে৷ নগাঁৱৰ পৰা ঘূৰি গৈ চিকিৎসা বিশেষজ্ঞসকলৰ লগত মই আলোচনাত বহিম৷