নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৪ বাৰলৈ লা–লিগাৰ খিতাপ দখল ৰিয়েল মাদ্রিদৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ এখন খেল বাকী থকা অৱস্থাত ৰিয়েল মাদ্রিদে চলিত ছিজনৰ স্পেনিছ লা–লিগাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ প্রতিযোগিতাখনৰ খিতাপ দখল কৰিবলৈ এটা মাথোঁ জয়ৰ প্রয়োজন হোৱা ৰিয়েল মাদ্রিদে যোৱানিশা মাদ্রিদৰ এষ্টাডি’ আলফ্রে’ড ডি ষ্টেফান’ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত জিনেদাইন জিদানৰ দলটোৱে ভিল্লাৰেলক ২–১ গ’লত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে ৰিয়েল মাদ্রিদে চিৰপ্রতিদ্বন্দ্বী লি’নেল মেছিৰ বার্চিলোনাৰ স্বপ্ণ ভংগ কৰি চেম্পিয়নৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হয়৷ মেচখনত ৰিয়েল মাদ্রিদৰ জয়ৰ মূলতেই আছিল কৰিম বেঞ্জেমাৰ দুটাকৈ দর্শনীয় গ’ল৷ ২৯ মিনিটত গ’ল স্ক’ৰ কৰি ৰিয়েল মাদ্রিদক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰা কৰিম বেঞ্জেমাই ৭৭ মিনিটত আনটো গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷ বেঞ্জেমাই দ্বিতীয়টো গ’ল পেনাল্টীৰ জৰিয়তে কার্যকৰী কৰে৷ ইফালে, খেল শেষ হ’বলৈ ৭ মিনিট বাকী থকা অৱস্থাত ভি ইব’ৰাই ভিল্লাৰেলৰ হৈ গ’ল স্ক’ৰ কৰাত খেলখনত পৰাজয়ৰ ব্যৱধান ২–১লৈ হ্রাস কৰে৷

চলিত ছিজনৰ প্রতিযোগিতাখনৰ খিতাপ দখল কৰা ৰিয়েল মাদ্রিদে এতিয়ালৈকে অভিলেখসংখ্যক ৩৪ বাৰৰ বাবে প্রতিযোগিতাখনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ ২০১৭ চনত অন্তিমবাৰৰ বাবে প্রতিযোগিতাখনৰ খিতাপ জয় কৰা ৰিয়েল মাদ্রিদে এতিয়ালৈকে ৩৭খন মেচ খেলি ২৬খনত জয়, ৮খন ড্র আৰু ৩খনত পৰাস্ত হৈ মুঠ ৮৬ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ শীর্ষ স্থানটো অধিকাৰ কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ দলৰ এই জয়ত সন্তুষ্টি প্রকাশ কৰিছে দলটোৰ প্রশিক্ষক জিনেদাইন জিদানে৷ খেলৰ অন্তত প্রশিক্ষকগৰাকীয়ে কয় যে লা–লিগাৰ খিতাপ জয় চেম্পিয়নছ লীগৰ খিতাপ জয়ৰ দৰে সমান৷ ইফালে, প্রতিযোগিতাখনৰ খিতাপ দখলৰ অন্যতম দাবীদাৰ হিচাপে প্রতিপন্ন হোৱা লি’নেল মেছিৰ বার্চিলোনাই নিজ গৃহতে পৰাজয়ৰ মুখ দেখে আৰু ইয়াৰ লগে লগে লা–লিগাৰ খিতাপ জয়ৰ স্বপ্ণ ভংগ হয় বার্চিলোনাৰ৷ এতিয়ালৈকে ২৬বাৰ প্রতিযোগিতাখনৰ খিতাপ জয় কৰা বার্চিলোনাই ৩৭খন মেচ খেলি ২৪খনত জয়, ৭খন ড্র আৰু ৬খনত পৰাস্ত হৈ ৭৯ পইণ্টেৰে দ্বিতীয় স্থানটো অধিকাৰ কৰে৷ যোৱানিশা কেম্প ন’ত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত বার্চিলোনাই অ’ছাছুনাৰ হাতত ২–১ গ’লত পৰাজয় স্বীকাৰ কৰে৷ মেচখনত বার্চিলোনাৰ হৈ একমাত্র গ’লটো স্ক’ৰ কৰে মেছিয়ে৷ খেলখনৰ ১৫ মিনিটত জ’ছে দিয়া গ’লৰ জৰিয়তে অ’ছাছুনাই অগ্রগতি লাভ কৰে যদিও ৬২ মিনিটত মেছিয়ে গ’লটো পৰিশোধ কৰে৷ কিন্তু খেলখনৰ দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত আৰ ট’ৰেছে দর্শনীয় গ’ল স্ক’ৰ কৰি অ’ছাছুনাক ২–১ গ’লত জয়ৰ সোৱাদ দিয়ে৷ মন কৰিবলগীয়া যে মেচখনৰ ৭৭ মিনিটৰ পৰা অ’ছাছুনাই ১০গৰাকী খেলুৱৈৰে খেলিবলগীয়া হয় যদিও বার্চিলোনাই ইয়াৰ সুযোগ গ্রহণ কৰাত সম্পূর্ণৰূপে ব্যর্থ হয়৷

You might also like