নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাবাসীৰ বাবে সু- খবৰঃ মৰিগাঁও অসামৰিক চিকিৎসালয়ত পোন প্ৰথম বাৰৰ বাবে স্থাপন হ’ব আই চি ইউ

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত স্থাপন হ'ব আই চি ইউ

নিয়মীয়া বাৰ্তা   ১৮ জুলাইঃ ক’ৰনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে মৰিগাঁও জিলাবাসীৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু মৰিগাঁও জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত পোন প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে আই চি ইউ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাঁও জিলা ঘোষণা হোৱাই নহয় মৰিগাঁও অসামৰিক চিকিৎসালয় স্থাপন হোৱাৰে পৰা আজিলৈকে চিকিৎসালয় খনত কোনো ধৰণৰ আই চি ইউ ব্যৱস্থা নাছিল। ১২ লক্ষাধিক লোকে বসবাস কৰি থকা জিলাখনৰ এক মাত্ৰ উন্নত চিকিৎসালয় খনৰ এনে অৱস্থাত গুৰুত্ব ভাবে আক্ৰান্ত বা আই চি ইউত ৰাখিব লগীয়া হোৱা ৰোগী সকলক চিকিৎসালয়ৰ চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰিব লগা হৈ আছে । যাৰ ফলত বহু ৰোগীয়ে আদবাটতে অকাল মৃত্যুক আকোৱালী লবলগীয়াত পৰে। জিলাখনৰ এক মাত্ৰ উন্নত চিকিৎসালয় খনৰ এনে দূৰৱস্থাত বৰ্তমানে বিশ্বজুৰি আতংক সৃষ্টি কৰি থকা জিলাখনৰ ক’ৰনাত আক্ৰান্ত ৰোগী সকলৰ চিকিৎসা প্ৰদানৰ ক্ষেত্রতো কিছু সমস্যা উদ্ভৱ হয়। চিকিৎসালয় খনৰ এনে দূৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডেৰমাহ মান পূৰ্বে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয় খনত শীঘ্ৰেই আই চি ইউ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল। এই ঘোষণা পিছতেই ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পিয়ুষ হাজৰিকা আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত আই চি ইউ স্থাপনৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰে। মন্ত্ৰী পিয়ুষ হাজৰিকা,উপায়ুক্ত ঋতুৰাজ বৰা আৰু জিলা স্বাস্থ্য বিভাগে চলোৱা তৎপৰতাৰ বাবেই আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন হ’ব লগীয়া ৪ টা আই চি ইউ কক্ষ স্থাপনৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংস্থাপিত কৰা হয়।জিলা স্বাস্থ্য বিভাগৰ সহযোগত আই চি ইউ কক্ষ স্থাপনৰ বাবে যাৱতীয় নিৰ্মাণ কাৰ্য চলাই থকাৰ মাজতে এটা বিশেষ দিনত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত পোন প্ৰথম বাৰৰ বাবে স্থাপন হব লগীয়া আই চি ইউ ৰ জৰিয়তে মৰিগাঁও জিলাবাসী বাৰুকৈয়ে উপকৃত হোৱাৰ লগতে বহু জনৰ প্ৰাণ ৰক্ষা পোৱা সম্ভাৱনা আছে।

You might also like