নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত ক’ভিড-১৯ ৰ গ’ণ সংক্ৰমণৰ আশংকা

বিজনী ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দেহত ক'ভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা  ১৮জুলাই: চিৰাঙৰ বিজনীত ক’ভিড-১৯ ৰ গ’ণ সংক্ৰমণৰ আশংকা। ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দেহত ক’ভিড-১৯ পজিটিভ। চিকিৎসক জনৰ নাম ডাঃ শ্যামল বসুমতাৰী। চিকিৎসালয় খন কণ্টেইনমেন জ’ন কৰা হ’ল যদিও প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাই চলি আছে পূৰ্বৰ দৰে। চিন্তিত সচেতন মহল। ৰাজ্যত ক্ৰমাৎ ক’ভিড-১৯ ৰ সংক্ৰমণৰ ধাৰা বৃদ্ধি পাই অহাৰ পিছত প্ৰশাসনৰ গাফিলতিৰ বাবে গ’ণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে চিৰাং জিলাৰ বিজনীত।শনিবাৰে বিজনীস্থিত ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চকুৰোগ বিভাগৰ চিকিৎসক ডাঃ শ্যামল বসুমতাৰী নামৰ চিকিৎসক এজন কৰ্তব্যৰত অৱস্থাত ক’ভিড-১৯ ধৰা পৰাৰ পিচত বিজনীত গ’ণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে। চিকিৎসক জনৰ ক’ভিড-১৯ ধৰা পৰাৰ পিছত বিজনী মহকুমা প্ৰশাসনে চিকিৎসালয়খন কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰিছে যদিও পূৰ্বৰ দৰে প্ৰৱেশ আৰু প্ৰস্থান দুয়োটাই চলি আছে পূৰণগতিত। ডিচাৰ্চ দি থকা হৈছে হস্পিতালখনত পূৰ্বৰ পৰা চিকিৎসাধিন হৈ থকা ৰোগীক। ইয়াৰোপৰি চিকিৎসক গৰাকীয়ে গাত জ্বৰ থকা বুলি জানিব পৰা গৈছে।তাৰ পৰি বিজনীৰ কুকলুং পথস্থিত ব্যক্তিগত ফাৰ্মাচি জয়মতী মেডিকেলত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি আছিল বুলি জানিব পৰা গৈছে। যাৰ ফলত বিজনী মহকুমাত ক’ভিড-19 ৰ গ’ণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে বিজনীৰ সচেতন মহলে। উল্লেখ্য যে চিকিৎসক শ্যামল বসুমতাৰীয়ে শনিবাৰে জিলা সদৰ কাজলগাঁৱৰ J.S.B অসামৰিক চিকিৎসালয়ত ANTIGEN RAPID TEST কৰোৱাত ক’ভিড-১৯ তেখেতৰ  পজিটিভ ধৰা পৰে।ইফালে চিকিৎসক জনৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ পিছত চিকিৎসক গৰাকীক কাচিকোত্ৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

You might also like