নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ স্বাস্থ্য বিভাগে দুলীয়াজানত গণ সংক্ৰমণৰ আশংকা কৰা অনুসৰি চহৰখনত পুনৰ আন এজন ব্যক্তিৰ দেহত আজি ক’ভিড পজিটিভ চিনাক্ত কৰা হৈছে । কোনো ভ্ৰমণ বৃত্তান্ত নথকা জয়ানগৰৰ নিবাসী দিগন্ত দাস (৪০) নামৰ ব্যক্তি গৰাকীৰ ক’ভিড আক্ৰান্ত ঘটনাই চিন্তনীয় হৈ উঠিছে ।
বৰ্তমান দিলীপ দাসৰ গৃহ প্ৰশাসনে কন্টেইন্টমেন্ট জ’ন ঘোষণা কৰাৰ লগতে অসম মেডিকেল কলেজ হাস্পতাললৈ ক’ভিড ৰোগীজনক স্হানান্তৰ কৰে ।
ইফালে কালি ক’ভিড পজিটিভ চিনাক্ত হোৱা কেৰেলাৰ যুৱক টি পি স্বৰূপ (২৫) ৰ সৈতে আজি পৰ্যন্ত সম্পৰ্ক কৰিব পৰা নাই স্বাস্হ্য বিভাগে । উক্ত যুৱকজনে যোৱা ১৩ জুলাইত ডিব্ৰুগড় বিমানবন্দৰত দুলীয়াজান বকুলনীস্হিত নিপকো গেষ্ট হাউছৰ ঠিকনা দি আহিছিল ।
সেই অনুসৰি স্বাস্হ্য বিভাগে নিপকোৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত বিভাগীয় কৰ্তৃপক্ষই উক্ত যুৱকজন গেষ্ট হাউছত নথকা বিষয়টো স্পষ্ট কৰিছে । আনহাতে যুৱকজনে ঠিকনাত প্ৰদান কৰা ম’বাইল নম্বৰৰতো বৰ্তমানলৈ যোগাযোগ কৰিব নোৱাৰাত পজিটিভ যুৱকজনৰ সন্ধানত নিৰূপায় হৈ পৰিছে বিভাগীয় স্বাস্থ্য কৰ্মী ।