নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন ইউ পি পি এল দলৰ নেতা-কৰ্মীৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যৰ দ্বিতীয়তো বানত বিটিএডিৰ গোৰেশ্বৰ অঞ্চলত পুঠিমাৰী নৈৰ মথাউৰি কেবা ঠাইতো ছিগি পেলোৱাত বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল।ফলত কৃষি প্ৰধান অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি বুৰাই পেলোৱাত নকৈ ৰোৱা ধান খেতি আৰু কঠিয়া নষ্ট কৰি পেলায়।উল্লেখ্য যে বিগত দুদিন ধৰি নৈৰ বাঢ়নি পানী কমিলেও বানৰ বিভিষিকা আতৰ হোৱা নাই।বৰ্তমানেও বহু কষি ভূমি পানীৰে উপচি আছে।যাৰ বাবে কৃষকসকল দুঃচিন্তাত পৰাৰ লগতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।গোৰেশ্বৰ ৰাজহ চক্ৰৰ সোনমহৰি,হাৰিযোৰা,বগৰিবাৰী গাঁওৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ নৈখনৰ মথাউৰি ছিগি প্লাৱিত হোৱাত ঘৰ-দুৱাৰ নৈৰ বোকাঁ-বালিয়ে পুতি পেলোৱাত বৰ্তমানেও বহু পৰিয়াল নৈৰ মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থাকিব লগীয়া হৈছে।ইফালে বান বিধ্বস্ত অঞ্চলটোৰ গাঁওসমুহৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালসমুহৰ স্বাস্থ্য আৰু সাহাৰ্যৰ বুজ লবলৈ উপস্থিত হয় ইউ পি পি এল দলৰ নেতা-কৰ্মীৰ লগতে বিটিচি পৰিষদৰ প্ৰাক্তন পৰিষদীয় সদস্য পৱিত্ৰ কুমাৰ বড়োৱে পৰিদৰ্শন কৰে।

You might also like