জিএমচিএইচত মাতৃ হ’ল ১০গৰাকী ক’ৰোনা আক্রান্ত
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ক’ৰোনা মহামাৰীয়ে ৰাজ্যলৈ নমাই অনা দুর্যোগক লৈ স্বাস্থ্য বিভাগ উদ্বিগ্ণ হৈ থকাৰ মাজতেই শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ এনে এক জটিল পৰিস্থিতি তথা সংকটৰ মাজতে সৃষ্টি হৈছে এক আশাৰ ৰেঙনি৷ ৰাজ্যবাসীক ক’ৰোনাৰ সংক্রমণে আতংকিত কৰি ৰখাৰ সময়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) ১০গৰাকী ক’ভিড–১৯ পজিটিভ মাতৃয়ে জন্ম দিলে ৪টি কন্যা শিশু আৰু ৬টি পুত্র শিশুক৷
উল্লেখ্য যে ক’ৰোনা সংক্রমণৰ পৰিস্থিতিৰ মাজতে জি এম চি এইচত আক্রান্ত ১০গৰাকী মাতৃয়ে একোটিকৈ সুস্থ–সবল শিশু জন্ম দিয়া বিষয়টোৱে স্বাভাৱিকতে স্বাস্থ্যকর্মীৰ লগতে সাধাৰণ লোকৰ মাজতো আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে৷ মাতৃকেইগৰাকীক চিজাৰিয়ান কৰি সফলতাৰে শিশুকেইটিক জন্ম দিয়াৰ সৈতে জড়িত চিকিৎসক তথা নার্ছসকলৰ মুখতো হাঁহি বিৰিঙাই তুলিছে৷ জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই প্রকাশ কৰা মতে, জন্মলাভ কৰা প্রতিটো শিশুৱে সুস্থ আৰু সবল হৈ আছে৷
ইফালে নিৰাশাৰ মাজতো অহা এই ইতিবাচক খবৰক লৈ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটৰ জৰিয়তে মাতৃকেইগৰাকীৰ লগতে জি এম চি এইচৰ চিকিৎসকৰ দলটোকো শুভেচ্ছা জনাইছে৷ টুইটত স্বাস্থ্যমন্ত্রীগৰাকীয়্ এইবুলি উল্লেখ কৰিছে– প্রতিকূল পৰিস্থিতিৰ মাজতো আমি কেতিয়াবা হাঁহিৰব বাবে সুযোগ লাভ কৰোঁ৷ এনে আনন্দৰ মুহূর্ত একেৰাহে দ্বিতীয় দিনাৰ বাবে আমাৰ মাজলৈ আহিছে৷ উল্লেখ্য যে শেহতীয়াকৈ জি এম চি এইচৰ পৰা ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে জীৱিনী দেৱী বেইদ নামৰ ৯৩ বছৰীয়া আৰু অণিমা বড়ো নামৰ ৮০ বছৰীয়া মহিলা দুগৰাকী৷ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যকর্মীসকলকো উৎসাহ যোগোৱা এই খবৰৰ পাছত আজি ক’ৰোনা আক্রান্ত ১০গৰাকী মাতৃয়ে একোটিকৈ শিশু জন্ম দিয়া ঘটনাই স্বাভাৱিকতে জটিল পৰিস্থিতিৰ মাজতো সকলোৰে মাজত হাঁহিৰ পৰিৱেশ সৃষ্টি কৰিছে