উত্তৰ–পূবৰ প্রথম বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্কৰ আৰম্ভণিতে অনিয়ম; উচ্চ নিৰিখত ডিপিআৰ প্রস্তুতৰ দায়িত্ব
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ উত্তৰ–পূবৰ প্রথমখন বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্ক স্থাপন নৌহওঁতেই আৰম্ভ হৈছে অনিয়ম৷ বেম্ব’ পার্কখন স্থাপনৰ নামত আৰম্ভণিতেই উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদে
ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে ডিমা হাছাওৰ ডিমাচা উগ্রপন্থী সংগঠন ডি এইচ ডিৰ সৈতে স্বাক্ষৰিত চুক্তি অনুুসৰি ঘোষিত ২০০ কোটি টকীয়া পেকেজৰ অধীনত স্থাপিত হ’ব এই বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্কখন৷ বাঁহ সম্পদৰ বাবে বিখ্যাত ডিমা হাছাও জিলাৰ মান্দাৰদিছাত ৭৫ হেক্টৰ ভূমি সামৰি স্থাপিত হ’বলগীয়া এই পার্কখনে জিলাখনলৈ ইতিবাচক বার্তা কঢ়িয়াই আনিছে যদিও পার্কখন স্থাপনৰ আৰম্ভণিতেই সংঘটিত ব্যাপক অনিয়মে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ পার্কখন নির্মাণৰ বাবে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদে ডিটেইল প্রজেক্ট ৰিপ’ট, চমুকৈ ডি পি আৰ প্রস্তুতৰ কাৰণে নিয়োগ কৰা কনছালটেন্সী ফার্মক প্রয়োজনতকৈ অধিক নিৰিখত ধন ধার্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
জানিব পৰা মতে, স্বায়ত্ত পৰিষদে এচি/পিচি/এম’এছ/২০১৯–২০২০/৩৫নং পত্র অনুসৰি এটা ব্যক্তিগত সংস্থাক বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্কখনৰ প্রজেক্ট মেনেজমেণ্ট ডিজাইন, ডেভেলপমেণ্ট আৰু ছুপাৰ ভিজনৰ নামত ৩,৬২,১৯,৮৬৪ টকাত দায়িত্ব অর্পণ কৰিছে৷ তাৎপর্যপূর্ণভাৱে এই পত্রখনত ডি পি আৰ প্রস্তুতৰ কনছালটেন্সী সেৱাৰ নামত প্রকল্প পুঁজিৰ কিমান শতাংশ ধার্য কৰা হৈছে, তাৰ কোনো উল্লেখ নাই৷ সাধাৰণতে ডি পি আৰ প্রস্তুতৰ ক্ষেত্রত যিকোনো প্রকল্পৰ বাবে নির্ধাৰিত পুঁজিৰ এটা নির্দিষ্ট অংশ ডি পি আৰ প্রস্তুতৰ বাবে কনছালটেন্সী ফার্মক আদায় দিয়া হয়৷
প্রাপ্ত তথ্য মতে, এই প্রকল্পটোৰ মুঠ ব্যয় ৫০ কোটি টকা ধার্য কৰা হৈছে যদিও অন্যান্য বিভিন্ন ধৰণৰ খৰচৰ পাছত প্রকল্পটোৰ ব্যয় প্রায় ৪০ কোটি টকা হ’ব বুলি উল্লেখ কৰাৰ পাছত কনছালটেন্সী সেৱাৰ নামত ধার্য ধন ৯ শতাংশ হোৱাটো সর্বাধিক বুলি এতিয়া অভিযোগ উত্থাপতন হৈছে৷ অভিযোগ মতে, ডি পি আৰ জমা দিয়াৰ সময়সীমা সাধাৰণতে তিনি মাহ যদিও এই বেম্ব’ পার্কৰ ডি পি আৰ প্রস্তুতৰ সময় মাত্র এমাহ ধার্য কৰা হৈছে৷ এমাহৰ ভিতৰত যিকোনো প্রকল্প এটাৰ সূক্ষ্ম ডি পি আৰ প্রস্তুত কৰাটো প্রায় অসম্ভৱ বুলি বিশেষজ্ঞসকলে মন্তব্য প্রকাশ কৰিছে৷
আনহাতে, এই প্রকল্পটোৰ ডি পি আৰৰ বাবে ধার্য কৰা ধনৰ পৰিমাণ ৰাষ্ট্রীয় পর্যায়ৰ নিৰিখতকৈ ৫ গুণ অধিক বুলি অভিযোগ উত্থাপন হৈছে৷ প্রকল্পটোৰ ৯ শতাংশ কনছালটেন্সী সেৱাত ব্যয়ৰ ডি পি আৰৰ বাবে ৫ শতাংশ আৰু ব্যৱস্থাপনাৰ বাবে ৩ শতাংশ ধার্য কৰা হৈছে৷ সাধাৰণতে ডি পি আৰৰ বাবে প্রকল্প ব্যয়ৰ ০.৫–১ শতাংশ আৰু প্রকল্প ব্যৱস্থাপনাৰ বাবে ৩–৫ শতাংশ ধন ব্যয় কৰা হয়৷ ইফালে, অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ ডি পি আৰ প্রস্তুতৰ বাবেও আনুষ্ঠানিকভাৱে নির্ধাৰিত নিৰিখ ২.৯৫ শতাংশহে৷ বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্কৰ ডি পি আৰ প্রস্তুতৰ কনছালটেন্সী নিয়োগৰ ক্ষেত্রত উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদে এইক্ষেত্রত কোনো ধৰণৰ নীতিকে মানি নচলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রকল্পটোৰ কনচেপ্ঢ পেপাৰৰ বাবে সুকীয়াকৈ ৩৬ লাখ টকা নির্ধাৰণ কৰাটো ৰহস্যজনক বুলি বিবেচিত হৈছে৷ কিয়নো যিকোনো ডি পি আৰৰ ক্ষেত্রত নিয়োজিত কনছালটেন্সী ফার্মে কনচেপ্ট পেপাৰ কোনো ধন নোলোৱাকৈ দিয়াটোৱে নিয়ম৷
আনহাতে, যিখন ব্যক্তিগত কনছালটেন্সী ফার্মক ডি পি আৰ প্রস্তুতৰ দায়িত্ব দিয়া হৈছে এই ফার্মখন নিয়োগৰ ক্ষেত্রত আহ্বান কৰা নিবিদাতো যথেষ্ট আসোঁৱাহ থকাৰ অভিযোগ উত্থাপন হৈছে৷ কিয়নো ৫০ কোটি টকাৰ প্রকল্পৰ বাবে তিনি বছৰত মাত্র ৩০ লাখ টকাৰ উপার্জন থকা ফার্মকেই নিবিদাত অংশগ্রহণ কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷ আনহাতে, বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্ক এটা বিশেষ ক্ষেত্রহে, সেয়েহে এনে প্রকল্পৰ ডি পি আৰৰ বাবে নিয়োজিত কনছালটেন্সী ফার্মৰ বেম্ব’ বিষয়ৰ ওপৰত বিশেষ অর্হতা আৰু অভিজ্ঞতা থকাৰ প্রয়োজন, যিটো নিবিদাৰ ক্ষেত্রত সম্পূর্ণৰূপে উলাই কৰা হৈছে৷ ইয়াৰ পৰাই এই কনছালটেন্সী নিয়োগৰ আঁৰত থকা ৰহস্য স্পষ্ট হৈ পৰিছে৷ অভিযোগ অনুসৰি বিশেষ ব্যক্তিগত ফার্মখনক এই দায়িত্ব প্রদান কৰিবৰ বাবে স্বায়ত্তশাসিত পৰিষদৰ এটা লবীয়ে সকলো ধৰণৰ নীতি–নিয়ম বিসর্জন নিবিদা আহ্বান কৰিছিল৷ এইক্ষেত্রত বাঁহ উদ্যোগৰ বিভিন্ন বিশেষজ্ঞই উত্তৰ–পূবৰ এই বিশেষ উদ্যোগটোৰ আৰম্ভণিতেই সংঘটিত অনিয়মৰ ক্ষেত্রত গুৰুতৰ ক্ষোভ প্রকাশ কৰিছে৷