নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাউণ্ট হেক টুইটাৰলৈ! পত্র প্রেৰণ নতুন দিল্লী প্রশাসনৰ

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া টুইটাৰ ব্যৱহাৰ কৰা বহু ৰথী–মহাৰথীৰ একাউণ্ট হেক হোৱা বুলি সংবাদ প্রকাশ পোৱাৰ পাছতেই ভাৰতে টুইটাৰলৈ এক পত্র প্রেৰণ কৰি হেকাৰৰ কবলত দেশখনৰ কোনো নাগৰিক পৰিছে নেকি, সেই সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখনীয় যে যোৱা সপ্তাহত বিশ্বজুৰি টুইটাৰৰ ওপৰত হেকাৰে চলাইছে চাইবাৰ আক্রমণ৷ এই চাইবাৰ আক্রমণৰ ফলত গোলকীয় বহু কর্প’ৰেট নেতা, ৰাজনীতিক, চেলিব্রিটী আৰু বাণিজ্যিক প্রতিষ্ঠানৰ তথ্য ফাদিল হৈছে৷ চাইবাৰ আক্রমণকাৰীয়ে টুইটাৰ একাউণ্ট হেক কৰি এই লোকসকলৰ তথ্য ডাউনলোড কৰা বুলি ছ’চিয়েল মিডিয়া প্লেটফর্মটোৰ পৰা সদৰী কৰা হৈছে৷ ইয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ স্মর্তব্য যে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা, বাণিজ্যিক টাইকুন বিল গেটছকে ধৰি বহু ৰথী–মহাৰথীৰ টুইটাৰ একাউণ্ট হেক কৰিছে চাইবাৰ অপৰাধীয়ে৷ অৱশ্যে তাৎক্ষণিকভাৱে টুইটাৰে ভাৰতীয় নেতা বা ব্যৱসায়ীৰ একাউণ্ট হেক হোৱা সন্দর্ভত কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷

You might also like