নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপানী প্রতিৰোধত উদাৰভাৱে সহায় কৰি আহিছে কেন্দ্রই

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ভয়াৱহ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে দিন–ৰাতি একাকাৰ কৰি ব্যস্ত হৈ থকা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয়৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চল পৰিদর্শন কৰে মন্ত্রীগৰাকীয়ে৷ কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, কার্বি আংলঙৰ সাংসদ হৰেণ সিং বে’, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বন বিভাগৰ শীর্ষ বিষয়াসকলে মন্ত্রীগৰাকীয়ে বান পৰিস্থিতি বুজ লোৱাৰ সময়ত তেওঁক সংগ দিয়ে৷

ৰাষ্ট্রীয় উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তেওঁ প্রথমে জীপচীৰে উপস্থিত হয় মিহিমুখত৷ ইয়াৰ পৰা তেওঁ যন্ত্রচালিত নাৱেৰে কঁহৰা বনাঞ্চল পৰিদর্শন কৰে৷ উল্লেখ্য যে মিহিমুখলৈ আহি থকাৰ সময়তে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জীপচীখন আগচি ধৰে এটা গঁড়ে৷ প্রায় ১০ মিনিটৰো অধিক কাল গঁড়টোৱে জীপচীখন আগচি থাকে৷ অৱশ্যে পৰৱর্তী সময়ত বনকর্মীসকলে শূন্যলৈ গুলীচালনা কৰি গঁড়টোক খেদি পঠিয়াবলৈ সক্ষম হয়৷

ইপিনে, ৰাষ্ট্রীয় উদ্যানখন পৰিদর্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণাৰ দাবী এটা আৱেগিক বিষয়৷ কেৱল ৰাষ্ট্রীয় সমস্যা ঘোষণা কৰিলেই এই সমস্যা সমাধান হ’ব নোৱাৰে’৷ লগতে তেওঁ কয় যে বানপানী প্রতিৰোধৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সদায়ে উদাৰভাৱে সহযোগিতা আগবঢ়াই আহিছে৷ ৰাজ্য চৰকাৰে বান প্রতিৰোধৰ বাবে লোৱা আঁচনিসমূহৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সহায়–সহযোগিতা কৰি আহিছে৷ ৰাষ্ট্রীয় সমস্যা হিচাপে বানক ঘোষণা কৰিলে যিমান সুবিধা পোৱা যায়, তাৰ তুলনাত বর্তমানে কেন্দ্রীয় চৰকাৰে কোনোগুণে কম সুবিধা প্রদান কৰা নাই৷ অৱশ্যে অধিক সুবিধাৰ বাবে আঁচনিও অধিক যুগুত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷

আনহাতে, ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে নিয়োজিত বনকর্মীসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে৷ কাজিৰঙাত কর্মৰত অস্থায়ী কর্মীসকলৰ পাৰিতোষিক বৃদ্ধিৰ বাবে চিন্তা–চর্চা কৰিব বুলিও ড০ শর্মাই জানিবলৈ দিয়ে৷ উল্লেখ্য যে শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰো বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে৷ সম্প্রতি ৰাষ্ট্রীয় উদ্যানখনৰ ৭০ শতাংশতকৈও অধিক অঞ্চল ডুব গৈছে বাঢ়নী পানীত৷ যাৰ পৰিপ্রেক্ষিতত হাইলেণ্ডসমূহত বন্যপ্রাণীয়ে আশ্রয় লৈছে৷ বর্তমানলৈকে বানপানীত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ১১৩টা বন্যপ্রাণীৰ মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত ১১টা গঁড়ৰো মৃত্যু হৈছে৷ বানৰ কবলত পৰা ১৪০টা বন্যপ্রাণী উদ্ধাৰ কৰিছে বনকর্মীসকলে৷

You might also like