নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰ্ভৱতী পত্নীৰ ক’ৰোনা ৰিপৰ্ট আহিল পজিটিভ, হাস্পতালৰ পৰা পলাল স্বামী; আৰু ফোনত ক’লে মোৰ সৈতে নাই কোনো সম্পৰ্ক…

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ৰোনা মহামাৰীয়ে দেশত এনেদৰে সংহাৰী ৰূপ ধাৰণ কৰিছে যে সকলোৱে ইজনৰ পৰা আনজন দূৰ হ’বলৈ বাধ্য হৈ পৰিছে । আনকি মৃত্যুৰ পাছত পৰিয়ালৰ লোকসকলে আপোনজনক সৎকাৰ কৰিবলৈও পোৱা নাই ।

এনে সময়তে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা আহিছে এটা আচৰিত ধৰণৰ খবৰ । খবৰ অনুসৰি, এজন ব্যক্তিয়ে গৰ্ভৱতী পত্নীৰ ক’ৰোনা ৰিপৰ্ট পজিটিভ অহাৰ পাছত তেওঁক চিনি নোপোৱাৰ অজুহাত দি হাস্পতালৰ পৰা পলায়ন কৰে । ইপিনে সময়মতে চিকিৎসা নোপোৱাৰ বাবে দেৱশিশুটিৰ মাতৃৰ গৰ্ভতে মৃত্যু ঘটে ।

উল্লেখ্য যে ২৪ বছৰীয়া হিনাক ৪ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পাছতে চিকিৎসকে হিনাৰ ক’ৰোনা টেষ্ট কৰে আৰু ক’ৰোনাৰ টেষ্টৰ ৰিজাল্ট পজিটিভ পায় । আনহাতে পত্নীৰ ক’ৰোনাৰ ৰিপৰ্ট পজিটিভ বুলি জানিব পাৰি চিকিৎসালয়খনৰ পৰা পলায়ন কৰে হিনাৰ স্বামীয়ে । পাছত চিকিৎসালয়খনৰ পৰা স্বামীলৈ ফোন কৰাত হিনাক চিনি পোৱাৰ পৰায়ে বিৰত থাকে নিষ্ঠুৰ লোকজনে ।

বৰ্তমান হিনাই চিকিৎসালয়ত উপযুক্ত চিকিৎসা গ্ৰহণ কৰি ক’ৰোনাৰ পৰা সুস্থ হৈ মাতৃগৃহলৈ উভতিছে । হিনা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, ইতিমধ্য়ে স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটো ।

You might also like