নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত মোতায়েন কৰিব ৰাফেল যুদ্ধ বিমান

চীনক ৰুধিবলৈ পদক্ষেপ ভাৰতীয় বায়ুসেনা বাহিনীৰ

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ এলএচি অতিক্রমি ভাৰতীয় ভূমিত আগ্রাসন চলাব বিচৰা চীনা সৈন্যক ৰুধিবলৈ লাডাখত অত্যাধুনিক ৰাফেল যুদ্ধ বিমান মোতায়েন কৰিব ভাৰতীয় বায়ুসেনা বাহিনীয়ে৷ লাডাখৰ গালৱান উপত্যকাত চীনৰ পিএলএ আৰু ভাৰতীয় সেনাৰ মাজত চলা সংঘর্ষই দুয়ো দেশৰ মাজত যুদ্ধংদেহি পৰিৱেশ এটা সৃষ্টি কৰি ৰখাৰ সময়তে অনাগত সময়ত যাতে চীনে এলএচি অতিক্রম কৰি ভাৰতীয় ভূমিত প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবে অত্যাধুনিক শক্তিশালী ৰাফেল যুদ্ধ বিমান লাডাখত মোতায়েন কৰিব৷ ফ্রান্সৰ পৰা অহা ২৬ জুলাইত ৬খন ৰাফেল যুদ্ধ বিমান ভাৰতলৈ অহাৰ পিছতেই বায়ুসেনা বাহিনীয়ে এই পদক্ষেপ গ্রহণ কৰাৰ ইংগিত দিছে৷ অহা বুধবাৰৰ পৰা তিনি দিন ধৰি চলিবলগীয়া দেশৰ বায়ু প্রতিৰক্ষা ব্যৱস্থাক লৈ পুনৰীক্ষণ আলোচনাত বায়ুসেনা বাহিনীৰ শীর্ষ বিষয়াসকলে এই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ উল্লেখ্য যে আগষ্ট মাহৰ আৰম্ভণিতে লাডাখত ফ্রান্সৰ পৰা অনা অত্যাধুনিক ৰাফেল যুদ্ধ বিমান মোতায়েন কৰিব৷ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ পৰিদর্শন কৰাৰ পিছতেই ৰাফেল যুদ্ধ বিমান মোতায়েন কৰাৰ বিষয়টো চর্চিত হৈছে৷ ইতিমধ্যে যুদ্ধ বিমান ছুখয়–৩০, এম কে আই, জাগুৱাৰ মিৰাজ ২০০০ লাডাখৰ অগ্রিম ঘাটিত মোতায়েন কৰা হৈছে৷

You might also like