চিলাপথাৰৰ চোৰাং গৰুঃ আৰক্ষীয়ে নামানে বেপাৰীৰ ৰচিদ, জব্দ কৰা গৰু অৱস্থা শোচনীয়
নিয়মীয়া বাৰ্তা , ২১ জুলাইঃ ধেমাজি জিলাৰ চিলাপথাৰৰ বিভিন্ন প্ৰান্তত দুটা দিনত ২১৭ টা চোৰাং গৰু উদ্বাৰক লৈ আৰক্ষীয়ে বাঃ বাঃ লোৱাৰ বিপৰীতে আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ লোৱা ঘটনাই ধেমাজিত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এজন আৰক্ষীৰ বিৰুদ্ধে এই গোচৰ তৰিবলৈ আগবাঢ়িছে জব্দ কৰা গৰুৰ গৰাকী আৰু বেপাৰীয়ে। চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত চাৰি ডৰ্জন সীমান্ত নিৰাপত্তা বাহিনী লৈ সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশ সূচনা কৰি ধেমাজিৰ বৰকটকী উপাধিৰ এজন আৰক্ষী বিষয়াই গৰুৰ বৈধ নথি পত্ৰ পৰীক্ষা কৰাৰ বিপৰীতে বিভিন্ন বৈদ্যুতিক মাধ্যমৰ আগত ২১৭ টা চোৰাং গৰু জব্দ কৰা বুলি প্ৰকাশ কৰি নিজকে হিৰ হৱলৈ গৈ ৰাইজৰ আগত গৰু ব্যৱসায়ী সকলক হেয় প্ৰতিপন্ন কৰে। বিষয়া জনৰ এনে কাণ্ডত ব্যৱসায়ী মহল তীব্ৰ মানসিক চাপত ভুগি আজি এখন সভা অনুষ্ঠিত কৰি সৰ্বসন্মতিক্ৰমে আদালতত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আটাইবোৰ গৰুৰ বৈধ নথি পত্ৰ থকাৰ পিছতো কিয় বিষয়াজনৰ মুখত বাৰে বাৰে চোৰাং কাৰবাৰ, চোৰাং গৰু বুলি উচ্চাৰিত হ’ল বুলি সচেতন মহলে প্ৰশ্ন কৰিছে। উল্লেখযোগ্য যে কৰʼনাৰ প্ৰকূপত পৰি চৌদিশে বজাৰ-সমাৰ বন্ধ হৈ পৰাত গো পালক সকলে স্থানীয় গৰু ব্যৱসায়ী সকলক নিজৰ গো হাল চমজাই দি পৰিয়াল পোহ-পাল দি আহিছে। ব্যৱসায়ী সকলেও গৰাকীক সামান্য আগধন দি বজাৰ বন্ধ হোৱাত গৰু কেইটা বিক্ৰী কৰিব নোৱাৰি মহা সমস্যাত পৰিছে। তেনে সময়তেই ভুতৰ ওপৰত দানৱ পৰাদি চোৰাং গৰুৰ অভিযানৰ নামত ব্যৱসায়ী সকলক তীব্ৰ মানসিক নিৰ্যাতন চলাই এক প্ৰকাৰৰ আত্মহত্যাৰ পথ প্ৰশস্ত কৰিছে বুলি অভিযোগ কৰিছে। ইপিনে বেপাৰীৰ গৰু জব্দ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সামান্য আগধন লৈ গৰু চমজাই দিয়া মালিক সকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। ইপিনে আগধনো ঘূৰাই দিব নোৱাৰে আনফালে জব্দ কৰা গৰু ক্ষেত্ৰতো কোনো ধৰণৰ নিশ্চয়তা নথকাত দৰিদ্ৰ পৰিয়াল কেইটাক বাৰুকৈয়ে উদ্বিগ্ন কৰিছে। বৈধ নথি পত্ৰ থাকিলেও এতিয়া চিলাপথাৰ আৰক্ষীয়ে বেপাৰীক গৰু মুকলি কৰি নিদিয়ে। যিহেতু গৰু কেইটা ধেমাজি আৰক্ষীৰ নিৰ্দেশমৰ্মেহে জব্দ কৰা হৈছে।এতিয়া ধেমাজি আৰক্ষীৰ অজ্ঞাতে কোনো কাৰণতেই গৰু মুকলি কৰা নহ’ব বুলি চিলাপথাৰ আৰক্ষীয়ে স্পষ্ট কৰাত গৰাকী আৰু বেপাৰীৰ উদ্বিগ্নতা আৰু বৃদ্ধি হৈছে। দুই মহৰ যুঁজত বিৰিণাৰ মৰনৰ দৰে এতিয়া জব্দ কৰা গৰু কেইটাৰ অৱস্থা। আৰক্ষীয়ে জব্দ কৰা গৰু কেইটা গোহালিত নাখাই মৰিবৰ উপক্ৰম হৈছে। কিন্তু সেই কথা ভাবিবলৈ কাৰোৰেই আহৰি নাই। খৱৰ পোৱা মতে খাদ্যৰ অভাৱ কেবাটাও গৰু আজি উঠিব নোৱাৰা অৱস্থা। বিষয়টোৰ ওপৰত অচিৰেই জিলা উৰ্ধতন আৰক্ষী বিষয়াই হস্তক্ষেপ নকৰিলে পৰিস্থিতি অধিক জটিল হোৱাৰ ইংগিত বহন কৰিছে। বিষয়টোৰ উচিত তদন্তৰ ব্যৱস্থা কৰি শীঘ্ৰে সমাধানসূত্ৰ উলিয়াবলৈ জিলা আৰক্ষী অধীক্ষকক সচেতন মহলে দাবী জনাইছে।