নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইতে হ’ব ইণ্ডিয়ান প্রিমিয়াৰ লীগ

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দর্শকৰ বাবে সুখবৰ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো ডুবাইত অনুষ্ঠিত হোৱাটো একপ্রকাৰ খাটাং হৈ পৰিছে৷ এতিয়া মাথোঁ অপেক্ষা চৰকাৰৰ সেউজ সংকেতলৈ৷ আই পি এলখন ডুবাইত আয়োজন কৰাৰ বাবে ভাৰত চৰকাৰৰ অনুমতি বিচৰা হৈছে৷

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অধ্যক্ষ ব্রিজেশ পেটেলে আজি সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত কয় যে বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন ডুবাইত অনুষ্ঠিত কৰা সন্দর্ভত আই পি এলৰ গৱর্নিং ব’ডীয়ে বৈঠকত মিলিত হ’ব৷ এই বৈঠকখন আগন্তুক ১০ দিনৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই বৈঠকখনতে আই পি এলৰ ত্রয়োদশ সংস্কৰণটোৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্ত হ’ব৷ অৱশ্যে ব্রিজেশ পেটেলে এইবুলিও কয় যে বি চি চি আয়ে এতিয়ালৈকে আই পি এলখনৰ আয়োজনৰ স্থান চূড়ান্ত কৰা নাই যদিও ডুবাইতে প্রতিযোগিতাখন হোৱাৰ ১০০ শতাংশই সম্ভাৱনা আছে৷

প্রতিযোগিতাখনৰ সূচীখন বি চি চি আয়ে হ্রাস কৰাৰ চিন্তা–চর্চা কৰা নাই বুলিও উল্লেখ কৰি আই পি এলৰ অধ্যক্ষ ব্রিজেশ পেটেলে লগতে কয় যে প্রতিযোগিতাখন ২৬ ছেপ্ঢেম্বৰৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক৷ প্রতিযোগিতাখনৰ ৬০খন লীগ মেচ অনুষ্ঠিত হোৱাৰো অধিক সম্ভাৱনা আছে বুলি উল্লেখ কৰি ব্রিজেশ পেটেলে লগতে কয় যে এইবাৰৰ প্রতিযোগিতাখন ৫০ দিনৰ পৰিৱর্তে ৪৪ দিন হোৱাৰ কথা আছিল যদিও আই চি চিয়ে শেহতীয়াভাৱে টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন স্থগিত ৰখাৰ পৰিপ্রেক্ষিতত আই পি এলৰ ত্রয়োদশ সংস্কৰণটো হ্রাস কৰাৰ প্রশ্ণ নুঠে বুলি ব্যক্ত কৰে আই পি এলৰ অধ্যক্ষগৰাকীয়ে৷ উল্লেখ্য যে চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা ভাৰততো বৃদ্ধি পোৱাত বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখন অনির্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছিল৷

ইপিনে, অষ্ট্রেলিয়াতো ক’ৰোনাৰ আতংক বৃদ্ধি পোৱাত টি–২০ বিশ্বকাপখন আয়োজনক লৈও অনিশ্চয়তা আহি পৰিছিল আৰু সোমবাৰে ভিডি’ কনফাৰেন্সৰ জৰিয়তে হোৱা আই চি চিৰ বৈঠকত টি–২০ বিশ্বকাপখন স্থগিত ৰখাৰ সিদ্ধান্ত হয় আৰু ইয়াৰ লগে লগে ইণ্ডিয়ান প্রিমিয়াৰ লীগখন আয়োজনৰ পথ প্রশস্ত হৈ পৰে৷ ইপিনে, বি চি চি আইৰ এক বিশেষ সূত্রৰ পৰা জনা মতে আই পি এলখন ডুবাইত অনুষ্ঠিত কৰাৰ বাবে বি চি চি আয়ে ইতিমধ্যে ডুবাই চৰকাৰৰ সৈতে কথা–বতৰা চলাইছে৷

You might also like