নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ক’ভিড গ’লেই মই প্রতিদিনে তেওঁলোকক ১০০টাকৈ গ’ল দিম’

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি কংগ্রেছৰ লগতে কিছু ৰাজনৈতিক দলে ক’ৰোনাক লৈ ৰাজনীতি কৰি আছে৷ এই মন্তব্য স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই বিৰোধী দলপতি দেৱব্রত শইকীয়াই কালি অসম বিধানসভা চৌহদত কৰা প্রতিবাদৰ প্রসংগত কয় যে বিৰোধী দলপতি শইকীয়াই ক’ৰোনাত অধিক মানুহ মৰাটো বিচাৰিছে৷ তেওঁ স্বাস্থ্যমন্ত্রীৰ লগতে বিষয়াসকলে কাম–কাজ নকৰা হোৱাটো বিচাৰিছে৷ বানপানীক লৈও তাৰ বাবেই চৰকাৰক সমালোচনা কৰিছে৷ তেওঁ বিচাৰিছে বিষয়াসকলেও কাম নকৰা হোৱাটো৷ কাৰণ তেওঁৰ সমালোচনাত হতাশ হৈ কোনেও যেতিয়া কাম নকৰা হ’ব, তেতিয়া ৰাজনৈতিকভাৱে তেওঁলোক লাভান্বিত হ’ব৷ এই দুর্যোগৰ সময়ছোৱাত কংগ্রেছকে ধৰি কিছু দলে ৰাজনীতি কৰি আছে৷ দেৱব্রত শইকীয়া, তৰুণ গগৈ, ৰিপুন বৰাকে ধৰি যিসকলে এই সময়ত ৰাজনীতি কৰি আছে তেওঁলোকে শূন্য গ’লপ’ষ্টত কিমান গ’ল দিয়ে দি থাকক৷ মই এতিয়া ক’ৰোনাত ব্যস্ত৷ এই ক’ৰোনা পাৰ হ’লে প্রতিদিনে মই তেওঁলোকক ১০০টাকৈ গ’ল দিম৷

বান সাহায্যৰ ক্ষেত্রতো কেন্দ্রই প্রথমতেই ৩০০ কোটি টকা প্রথম কিস্তিৰ সাহায্য দিছে বুলি তেওঁ জানিবলৈ দি তেওঁ কয় যে বান সাহায্য দিয়াৰ ক্ষেত্রত পুঁজিৰ কোনো অভাৱ হোৱা নাই৷ ভগা মথাউৰি মেৰামতিৰ ক্ষেত্রতো ঠিকাদাৰসকলৰ সৈতে চৰকাৰৰ চুক্তি অনুসৰি ৩ বছৰলৈ তেওঁলোকে মেৰামতি কৰিব৷ ক’ৰোনা ৰোগীক হোম কোৱাৰেণ্টাইনত ৰাখিব লাগে বুলি কংগ্রেছে কৰা মন্তব্যৰ তীব্র সমালোচনা কৰি ড০ শর্মাই কয় যে হোম কোৱাৰেণ্টাইনত থাকিয়েই কালি গুৱাহাটীত এজন লোকৰ মৃত্যু হয়৷ সেই দায়িত্ব কংগ্রেছে ল’ব নেকি? চিকিৎসক সত্যকাম ফুকনকো সমালোচনা কৰি তেওঁ কয় যে আজি ৬গৰাকী লোকৰ ক’ৰোনাত মৃত্যু হয়৷ সেই দায়িত্ব এতিয়া সত্যকাম ফুকনে ল’ব নেকি? আনহাতে ক’ৰোনা আৰু আসন্ন বিধানসভা নির্বাচনক একাংশই একাকাৰ কৰা আৰু তেওঁ অসমক ক’ৰোনা দীঘলীয়া কৰিছে বুলি কৰা সমালোচনাত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ক’ৰোনা হৈছে ভগৱানৰ সৃষ্টি৷ নির্বাচন অনুষ্ঠিত কৰে নির্বাচন আয়োগে৷ তেওঁ ইচ্ছা কৰি ক’ৰোনা দীঘলীয়া কৰিব পাৰে নেকি? আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, দিল্লীৰ মুখ্যমন্ত্রী অৰৱিন্দ কেজৰিৱালেও ক’ৰোনা দীঘলীয়া কৰি আছে নেকি? তেনে চিন্তা মূর্খৰহে চিন্তা বুলি তেওঁ কটাক্ষ কৰে৷ ইপিনে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই কালি গুৱাহাটীত বহি প্রতিবাদৰ নাটক আৰু বিধায়ক ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈয়ে বানপীড়িত ৰাইজৰ মাজত চিপ্ছ বিতৰণ কৰা কার্যক তীব্র কটাক্ষ কৰিছে শাসক দল বিজেপিয়ে৷

ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত মল্ল বৰুৱাই এক বিবৃতিত সকলোতে ৰাজনীতি দেখা কংগ্রেছে বানপানীৰ পৰা ক’ভিডলৈকে সকলোতে কেৱল ৰাজনীতিয়েই কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে৷ তেওঁ কয় যে ২০২০ বছৰটো অসমৰ ইতিহাসৰ আটাইতকৈ জটিল সন্ধিক্ষণৰ বছৰ৷ এতিয়ালৈকে ৰাজ্যখনৰ বহু ঠাই যিদৰে বছৰটোৰ তৃতীয়টো বানত বুৰ গৈছে, সেই সময়তে সমগ্র বিশ্বৰে আতংক ক’ৰোনাত আক্রান্ত হৈ ৰাজ্যবাসীও এক জটিল পৰিৱেশৰ মুখামুখি হৈছে৷ এই মুহূর্তত গুৱাহাটীত বহি প্রতিবাদৰ নাটক কৰা, বানাক্রান্ত ৰাইজৰ মাজত চিপ্ছৰ পেকেট বিলাই প্রচাৰৰ নাটক কৰি ৰাইজৰ দুখ–কষ্টক কার্যতঃ কংগ্রেছ তথা সংশ্লিষ্টসকলে ভেঙুচালিহে কৰিছে৷ এনেধৰণৰ কেৱল প্রচাৰধর্মী নাটকৰ বিপৰীতে কংগ্রেছ দলে এই মুহূর্তত ৰাজনীতিৰ ঊর্ধ্বত থাকি জনসাধাৰণৰ মংগলৰ খাটিৰত চৰকাৰ–প্রশাসনক সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়৷ বিবৃতিটোত বৰুৱাই কয় যে বিজেপি দলৰ মন্ত্রী, সাংসদ, বিধায়ক, জনপ্রতিনিধি, কার্যকর্তাই যি সময়ত এবুকু পানীত নামিও বানাক্রান্ত আর্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে, ৰাতিক দিন কৰি চৰকাৰ–প্রশাসনলৈ সহায়ৰ হাত আগবঢ়াই ক’ৰোনা নিয়ন্ত্রণৰ বাবে সর্বোচ্চ উজাৰি দিছে, সেই সময়ত গুৱাহাটীৰ নিৰাপদ স্থানত বহি প্রতিবাদৰ নাটক ৰচা, বানাক্রান্ত ৰাইজৰ মাজত চিপ্ছ বিলোৱা কংগ্রেছ তথা সংশ্লিষ্টসকলৰ কার্য অত্যন্ত হাস্যকৰ৷ স্বৰাজোত্তৰ ভাৰতবর্ষত অধিক কাল শাসনত থকা কংগ্রেছৰ অসমৰ বান সম্পর্কত প্রশ্ণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৃষ্ঠপোষকতাত নীতি–আয়োগৰ উপাধ্যক্ষক সভাপতি হিচাপে লৈ নর্থ–ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰীটি গঠনেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে যি পৰিকল্পনা কৰিছে, সেয়া অভূতপূর্ব৷ পঞ্চদশ বিত্ত আয়োগলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পত্র অনুসৰি গৰাখহনীয়াক প্রাকৃতিক দুর্যোগৰ আওতাত অন্তর্ভুক্ত কৰাটো অসমৰ বাবে অতি সুখবৰ৷ ইয়াৰ উপৰি দুর্যোগ ব্যৱস্থাপনা শিতানত প্রথম কিস্তিত কেন্দ্রীয় চৰকাৰে অসমলৈ ৩৮৬ কোটি টকা মোকলাই দিছে৷ এছডিআৰএফ–এনডিআৰ ৮০০ জোৱানে দিনে–নিশাই জনসাধাৰণৰ প্রতি সেৱা আগবঢ়াই আহিছে৷ এতিয়ালৈকে ১.০৮ লাখ কুইণ্টল চাউল, ২১ হাজাৰ কুইণ্টল দাইল, ৭ হাজাৰ মিঠাতেল তথা প্রয়োজনীয় সামগ্রী বান সাহায্য হিচাপে বানাক্রান্ত ৰাইজলৈ আগবঢ়োৱা হৈছে৷ মুখ্যমন্ত্রী সোণোৱালৰ তৎপৰতাতে বানপানীৰ সময়ত জীৱুকুলৰ আশ্রয়ৰ বাবে নির্মাণ কৰা ওখ প্লেটফর্ম তথা বন্যপ্রাণীসমূহলৈ খাদ্য যোগান ৰাজ্যখনৰ ভিতৰতে নহয়, দেশ তথা আন্তঃৰাষ্ট্রীয় পর্যায়তো উচ্চভাৱে প্রশংসিত হৈছে৷ কংগ্রেছ দলে তেওঁলোকৰ শাসনৰ সময়ত বানাক্রান্ত ৰাইজলৈ যোগান ধৰা সামগ্রী আত্মসাতৰ কাহিনী পাহৰাব খুজিলেও অসমৰ ৰাইজে পাহৰা নাই৷ সেয়ে কংগ্রেছ তথা সংশ্লিষ্টসকলৰ এই প্রশ্ণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷ অসমৰ ৰাইজক ১৮০ টকীয়া দাইল খুওৱা কংগ্রেছৰ মূল্যবৃদ্ধিৰ অভিযোগ কেৱল নাটকৰ বাহিৰে একো নহয়৷ অখিল গগৈৰ প্রসংগত তেওঁ কয় যে অখিল গগৈৰ ওপৰত আইন অনুসৰিয়েই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ তেওঁৰ মুক্তি ন্যায়পালিকাৰ বিচাৰ অনুসৰি হ’ব৷ ইয়াত চৰকাৰে অযথা হস্তক্ষেপ কৰিবলৈ নাযায়৷ কংগ্রেছ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মাওবাদীৰে অখিল গগৈৰ সম্পর্ক থকা বুলি এক ৰাষ্ট্রীয় সংবাদ মাধ্যমত দিয়া বক্তব্য সকলোৰে লগত থকাৰ সময়ত গগৈৰ পুত্র গৌৰৱ গগৈয়ে অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰাটো সন্দেহজনক৷ ইয়াৰ জৰিয়তে কংগ্রেছ নেতা তথা সংশ্লিষ্টসকলে সেই প্রতিবাদ চৰকাৰ নে ন্যায় প্রক্রিয়াৰ বিৰুদ্ধে কৰিছে বুলি তেওঁ প্রশ্ণ উত্থাপন কৰে৷

বিবৃতিটোত বৰুৱাই আৰু কয় যে  এই জটিল সময়ত ক’ৰোনাক লৈ ৰাজনীতি কৰা কথা কোৱাটোৱেই কংগ্রেছৰ এক কুটীল ৰাজনীতি৷ যি সময়ত অসমৰ সর্বস্তৰৰ ৰাইজে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত স্বাস্থ্য বিভাগে গ্রহণ কৰা ব্যৱস্থাক ভূয়সী প্রশংসা কৰিছে, সেই সময়তে ক’ৰোনাক লৈ ৰাজনীতি কৰাৰ কথা উত্থাপন কৰাটো কংগ্রেছৰ হতাশগ্রস্ততাৰ পৰিচয় মাত্র৷ যোৱা কিছুদিন ধৰি কংগ্রেছে নিজৰ লগতে কিছুসংখ্যক লোকৰ জৰিয়তে এই সন্দর্ভত ৰাইজক বিভ্রান্ত কৰিবৰ বাবে কৰা প্রয়াস অত্যন্ত গর্হিত তথা নিন্দনীয়৷ ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশে ক’ৰোনাক লৈ কৰা এনে কার্যৰ একমুখে গৰিহণা দিয়ে৷

You might also like