নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ ৰোধ কৰিব নোৱাৰে এন–৯৫ মাস্কে: কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা শ্বাসযন্ত্র প্রতিৰোধী এন ৯৫ মাস্ক এতিয়া হৈ পৰিছে হিতৰ বিপৰীতে অহিতৰ কাৰক৷ বহুচর্চিত শ্বাসযন্ত্র প্রতিৰোধী এন ৯৫ মাস্কে ভাইৰাছ প্রতিৰোধ কৰিব নোৱাৰে, বৰঞ্চ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰকহে৷ এই উদ্বেগজনক তথ্যৰে সকলো ৰাজ্যক এন ৯৫ মাস্ক ব্যৱহাৰ নকৰিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সকীয়নি দিছে৷

এন ৯৫ মাস্কে ভাইৰাছ প্রতিৰোধ কৰিব নোৱাৰে বুলি মন্তব্য কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘৰুৱাভাৱে নির্মিত মাস্ক ব্যৱহাৰ কৰিবলৈ মন্ত্রালয়ৰ ৱেবছাইটযোগে দেশবাসীক আহ্বান জনাইছে৷ কেন্দ্রীয় স্বাস্থ্য সেৱাৰ সঞ্চালকপ্রধান অধ্যাপক ড০ ৰাজীৱ গার্গে সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ এন ৯৫ মাস্ক ব্যৱহাৰ নকৰিবলৈ পত্রযোগে নির্দেশনা জাৰি কৰিছে৷

পত্রখনত উল্লেখ কৰা মতে, নিয়োজিত স্বাস্থ্যকর্মীৰ বাহিৰে জনতাই শ্বাসযন্ত্র প্রতিৰোধী এন ৯৫ মাস্ক ব্যৱহাৰ কৰাটো সঠিক নহয় বুলি স্বাস্থ্য মন্ত্রালয়ে নিৰীক্ষণ কৰিছে৷ সেয়েহে সঞ্চালকপ্রধানগৰা ইয়াৰ পৰিৱর্তে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৱেবছাইটত উল্লেখ কৰা ঘৰুৱাভাৱে নির্মিত ফেচ আৰু মাউছ ক’ভাৰ ব্যৱহাৰ কৰাৰ বাবে দেশবাসীক আহ্বান জনাইছে পত্রযোগে৷ পত্রখনত এই কথা স্পষ্টকৈ কোৱা হৈছে যে ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰা সুৰক্ষিত হ’বলৈ এন ৯৫ মাস্ক ব্যৱহাৰ কৰা হয় যদিও ইয়ে ভাইৰাছটোক প্রতিৰোধ নকৰে৷ বৰঞ্চ ই ক্ষতিকাৰকহে৷

উল্লেখ্য যে এন ৯৫ মাস্ক দেশৰ জনতাই ব্যৱহাৰ কৰিবলৈ লোৱাৰ সময়তে চৰকাৰে যোৱা এপ্রিল মাহত ঘৰুৱাভাৱে নির্মিত মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনাইছে৷ নিজৰ বাসগৃহৰ পৰা বাহিৰলৈ ওলাই গ’লে লোকসকলক ঘৰুৱাভাৱে নির্মিত মাস্ক পৰিধান কৰাত গুৰুত্ব দিবলৈও পৰামর্শ আগবঢ়াইছিল৷ মহামাৰী ক’ভিড–১৯ সংক্রমণ দেশজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ সময়তে এন ৯৫ মাস্কৰ ব্যৱহাৰ সঠিক নহয় বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা নির্দেশনা তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like