বাঘজানত পুনৰ অগ্নিকাণ্ডঃ ছিংগাপুৰৰ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰ’ল কোম্পানীৰ আঘাতপ্ৰাপ্ত ৩ বিশেষজ্ঞ বৰ্তমান সংকটমুক্ত
আঘাতপ্ৰাপ্ত তিনি বিশেষজ্ঞ এন্হনী ষ্টিভেন ৰেইনল্ডচ, ক্ৰেইগ নীল ডানকান আৰু ডাউগ ড'লাচ বৰ্তমান সংকটমুক্ত
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ অভিশপ্ত অইল ইণ্ডিয়াৰ বাঘজান বিজিআৰ-৫ ৰ তেল-গেছ খাদত পুনৰ উদ্ভৱ হৈছে নতুন আহুকাল । উক্ত খাদটোত বিগত ২৭ মে’ পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল ব্ল’আউট ঘটনা । অৰ্থাৎ ৪৫০০ পি এচ আই চাপত খাদৰ পৰা নিৰ্গত হয় কণ্ডেনচেট মিহলি বিষাক্ত গেছ । এই ব্ল’আউট ঘটনাৰ সম্পূৰ্ণ ১৪ দিনৰ পাছতেই অৰ্থাৎ ৯ জুনত প্ৰায় ১ বাজি ১০ মিনিটত তেল-গেছ নিৰ্গত খাদটোত সংহাৰী অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।
মূল ঘটনাৰ দিন ধৰি আজিৰ পৰ্যন্ত অৰ্থাৎ ৫৬ টা দিনেই অইল ইণ্ডিয়া লিমিটেডে অ’এন জি চি আৰু বিদেশী বিশেষজ্ঞৰ দলৰ সৈতে অগ্নি নিৰ্বাপণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকাৰ মাজতে পুনৰ আন এক দুৰ্যোগৰ সন্মুখীন হৈছে অইল ইণ্ডিয়া লিমিটেড । আজি দিনৰ প্ৰায় ১ বাজি ৩০ মিনিটত উক্ত অভিশপ্ত খাদটোত দ্বিতীয়বাৰলৈ সংঘটিত হয় অগ্নিকাণ্ড।
অইলৰ সূত্ৰ অনুসৰি উক্ত গেছ কূপৰ শীৰ্ষত লাগি থকা ৭১/ ১৬ ইঞ্চি ড্ৰিলিং হেড স্পুলৰ নট বল্ট (Stud) কালিৰে পৰা খুলি আছিল বিশেষজ্ঞ দলটোৱে । এই ড্ৰিলিং হেড স্পুলটো কূপৰ শীৰ্ষৰ পৰা আঁতৰাই সেই ঠাইত বি অ’ পি অৰ্থাৎ ব্ল’ আউট প্ৰিভেন্টৰ বহোৱাৰ প্ৰচেষ্টা চলাবলৈ বিশেষজ্ঞ দলটোৱে আজিও আৰম্ভণিতে নট বল্ট খোলা কাৰ্য চলাই আছিল । এনেতে হঠাৎ গেছকূপত অগ্নিৰ সূত্ৰপাত ঘটি ড্ৰিলিং হেড স্পুলটোত জুয়ে আগুৰি ধৰাৰ লগতে কূপৰ চৌদিশে জুই সম্প্ৰসাৰিত হয় ।
এই ঘটনাত কৰ্মৰত অৱস্হাত থকা ছিংগাপুৰ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰল কোম্পানীৰ তিনি বিশেষজ্ঞ ক্ৰমে এন্হনী ষ্টিভেন ৰেইনল্ডচ, ক্ৰেইগ নীল ডানকান আৰু ডাউগ ড’লাচ আঘাতপ্ৰাপ্ত হয় । কেওজনে হাত, ভৰি আৰু মুখত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাৰ লগে লগে তেওঁলোকক ঘটনাস্হলীত মজুত থকা গুৱাহাটী এক্সেল কেয়াৰ চেন্টাৰ আৰু হেলথ চিটি হাস্পতালৰ এডভান্স লাইফ চাৰ্পট এম্বুলেঞ্চৰ যোগেদি অইল ইণ্ডিয়াৰ মেডিকেল টিমে ডিব্ৰুগড়স্হিত আস্হা হাস্পতাললৈ নিয়ে ।
আস্হা হাস্পতালৰ বাৰ্ণ ইউনিটত আঘাতপ্ৰাপ্ত তিনিওকে ভৰ্ত্তি কৰি চিকিৎসা প্ৰদানৰ পাছতেই তিনি বিশেষজ্ঞ বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে ঘোষণা কৰে । সম্প্ৰতি তিনি বিশেষজ্ঞ ডিব্ৰুগড় চিকিৎসালয়ৰ পৰা উভতি অহাৰ লগতে অইল চিকিৎসকৰ তত্বাৱধানত দুলীয়াজান অইল গেষ্ট হাউচত থাকিব বুলি জানিবলৈ দিছে অইল মেডিকেল বিভাগে ।
আনহাতে বাঘজান ঘটনাৰ সন্দৰ্ভত অইল মেডিকেল বিভাগে এক্সেল কেয়াৰ চেন্টাৰ আৰু হেলথ চিটিকে ধৰি গুৱাহাটীৰ হায়াট হাস্পতালৰ পৰা তিনিখন এডভান্স লাইফ চাপৰ্ট এম্বুলেঞ্চ যোগান ধৰাৰ লগতে নিজাববীয়াকৈ ৯ খন এম্বুলেঞ্চ বাঘজানত সাজু কৰি ৰাখিছিল । ইয়াৰে হায়াট হাস্পতালৰ এম্বুলেঞ্চখন মোহনবাৰী এয়াৰফৰ্চ ষ্টেচনত সাজু কৰি ৰখা হৈছে ।
অধিক সংকটজনক অৱস্হাত কোনো ব্যক্তিক এয়াৰফৰ্চ ষ্টেচনৰ হেলিকপ্তাৰে বাঘজানৰ পৰা কঢ়িয়াই উক্ত বিশেষ এম্বুলেঞ্চৰ যোগেদি ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰিকল্পনা পূৰ্বেই সাজু কৰি থোৱা বুলি জানিবলৈ দিছে অইল মেডিকেলে । এইক্ষেত্ৰত সৌভাগ্যক্ৰমে অধিক সংকটজনক অৱস্হালৈ নগ’ল তিনি বিশেষজ্ঞ । ইয়াৰ পূৰ্বেই জ্বলন্ত গেছখাদটোত কৰ্মৰত দুজনকৈ অইলৰ অগ্নিনিৰ্বাপক কৰ্মচাৰীৰ অকাল মৃত্যুৰ শোক এতিয়াওঁ পাহৰিব পৰা নাই পৰিয়াল আৰু সহকৰ্মীসকলে ।
লক্ষণীয় যে অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে অৰ্হনিশে জ্বলন্ত গেছ কূপটোলৈ প্ৰচুৰ পানী মাৰি আছে । ইয়াৰ ফলত গেছকূপৰ ওপৰত অৰ্থাৎ বায়ূমণ্ডলত উৰি থকা গেছতহে জুই জ্বলি থকা প্ৰত্যক্ষ কৰা গৈছে । সেইসময়তে বিশেষজ্ঞ দলটোৱে গেছকূপৰ শীৰ্ষত কাম চলাই থাকোঁতে পুনৰবাৰ গেছ লিকেজ হৈ অক্সিজেনৰ স্পৰ্শত জুই জ্বলি উঠা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে দ্বিতীয়বাৰলৈ সংঘটিত এই অগ্নিকাণ্ডৰ ফলত গেছকূপৰ বাহ্যিক আৰু আভ্যন্তৰীণ চাৰিত্ৰিক কিছু দিশ সালসলনি হোৱাৰ ইংগিত বহন কৰিছে বুলি একাংশই ক’ব খোজে । এই ঘটনাৰ পাছতেই বাঘজান জুইৰ নিৰ্বাপণৰ ঘটনাটো অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনাই দেখা দিছে ।