নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ প্রতিবেশী ৰাষ্ট্রক প্রত্যাহ্বান জনাই সামৰিক শক্তি প্রদর্শনেৰে আজি ভাৰতীয় সেনাই টেংক বিধ্বংসী নাগ মিছাইল ‘ধ্রুৱাস্ত্র’ৰ সফল পৰীক্ষণ কৰিলে৷ হেলিকপ্ঢাৰৰ পৰা নিক্ষেপ কৰিব পৰা শক্তিশালী নাগ মিছাইলৰ ধ্রুৱাস্ত্রৰ সফল পৰীক্ষণ সম্পন্ন কৰে ওড়িশাৰ বালাচ’ৰত৷ এণ্টী টেংক গাইডেড মিছাইল (এটিজিএম) ছিষ্টেমৰ তৃতীয় প্রজন্মৰ অতি শক্তিশালী ধ্রুৱাস্ত্রৰ এডভান্স লাইট হেলিকপ্ঢাৰ (এএলএইচ)ৰ জৰিয়তে নিক্ষেপ কৰা হয়৷
ওড়িশাৰ বালাচ’ৰত ইনটেৰিম টেষ্ট ৰেঞ্জ (আইটিআৰ)ত ধ্রুৱাস্ত্রৰ আজি সফল পৰীক্ষণৰ পূর্বে বিগত বর্ষত প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডিআৰডি’)ই পোখৰান ফায়াৰিং ৰেঞ্জত তিনিবাৰ সফল পৰীক্ষণ কৰিছিল৷ ডিআৰডি’ৱে প্রকাশ কৰা মতে, হেলিনা (হেলিকপ্ঢাৰ বেছ নাগ) হৈছে এটিজিএম পদ্ধতিৰ হেলিকপ্ঢাৰৰ পৰা নিক্ষেপ কৰিব পৰা তৃতীয় প্রজন্মৰ মিছাইল৷ এই মিছাইলটোৱে দিনে–নিশাই যিকোনো পৰিৱেশত যুদ্ধক্ষেত্রত টেংকৰ লগতে অন্যান্য যুদ্ধ বাহন ধ্বংস কৰিব পাৰে৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ আধুনিকীকৰণ আৰু শক্তিশালীকৰণৰ প্রক্রিয়া হিচাপে হেলিনা মিছাইল পদ্ধতি ধ্রুৱাস্ত্রৰ বাহিনীত অন্তর্ভুক্ত কৰা হয়৷
ইতিমধ্যে ডিফেন্স ইকুইজিচন কাউঞ্চিলে ডিআৰডিএৰ দ্বাৰা আর্হি প্রস্তুত আৰু বিকশিত কৰা নাগ মিছাইল ছিষ্টেম ক্রয় কৰাৰ বাবে ৫২৪ কোটি টকা অনুমোদন জনোৱাৰ পিছত আজি আনুষ্ঠানিকভাৱে এই ধ্রুৱাস্ত্র ভাৰতীয় বায়ুসেনা বাহিনীয়ে লাভ কৰে আৰু ইয়াৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷ সংকুচিত কৰিব পৰা ৪ পাখীযুক্ত এই শক্তিশালী ধ্রুৱাস্ত্রৰ দৈর্ঘ্য ১.৮৫ মিটাৰ, ব্যাস ০.২০ মিটাৰ, পাখীৰ আকাৰ ০.৪ মিটাৰ আৰু ধ্রুৱাস্ত্রৰ ওজন ৪৩ কিলোগ্রাম৷ সকলো পৰিৱেশত নিক্ষেপ কৰিব পৰা এই শক্তিশালী মিছাইলটোৰ বেগ প্রতি ছেকেণ্ডত ২৩০ মিটাৰ আৰু ৪ কিলোমিটাৰ দূৰত্বলৈ নিক্ষেপ কৰিব পাৰি৷
অৱশ্যে সময় সাপেক্ষে ইয়াক ৭ কিলোমিটাৰলৈ হেলিকপ্ঢাৰৰ যোগেদি নিক্ষেপ কৰিব পৰা যায়৷ চীনৰ সৈতে লাডাখ সীমান্তত যুদ্ধংদেহি স্থিতি লৈ থকা ভাৰতৰ বায়ুসেনা বাহিনীৰ ধ্রুৱাস্ত্রৰ অন্তর্ভুক্তিৰে বাহিনীৰ শক্তি বৃদ্ধি কৰিলে৷ ইপিনে, ফ্রান্সৰ পৰা অহা ২৯ জুলাইৰ ভিতৰত পাঁচখন ৰাফেল যুদ্ধ বিমান আহি বায়ুসেনা বাহিনীত অন্তর্ভুক্ত হ’ব৷