উল্লেখ্য যে, লকডাউনৰ নীতি উলংঘনৰ বাবে তবলীগি জামাত ১৭ জন বিদেশী নাগৰিকৰ ওপৰত ৰাঁচীৰ হিন্দপীড়ী থানাত গোচৰ ৰুজু হৈ আছে । এই গোচৰৰ ভিত্তিতে সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পাছত ৩০ মাৰ্চৰ পৰা সকলোকেইজন লোক সেই কোৱাৰেণ্টাইন কেন্দ্ৰটোত আছিল । পাছত ২০ মে’ৰ দিনা সকলো সদস্যক কাৰাগাৰলৈ পথোৱা হয় যদিও উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন মঞ্জুৰ কৰে ।
ইপিনে ইয়াৰ পাছতে ৩ গৰাকী মহিলা এমাহৰ গৰ্ভৱতী বুলি চিনাক্ত হয় । কিন্তু বিগত ৫০ দিন ধৰি সকলোকেইজন সদস্য কোৱাৰেণ্টাইন কেন্দ্ৰতে থকাৰ খবৰে তেওঁলোকে কোৱাৰেণ্টাইন কেন্দ্ৰতে যে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল সেয়া স্পষ্ট হয় ।
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই জনোৱা মতে, মহিলাকেইগৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ সময়তে গৰ্ভধাৰণ কৰাৰ বাবে তেওঁলোক ৩ গৰাকীৰ লগতে পুৰুষসকলৰ ওপৰত Epidemic Disease Act -2020 ৰ উলংঘনৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২ অধীনত গোচৰ ৰুজু হ’ব । লগতে সেই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়াজনৰ ওপৰতো গোচৰ ৰুজু হ’ব ।