নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত মন্ত্রী ড০ শর্মাক হত্যাৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ছ’চিয়েল মিডিয়াত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হত্যাৰ ভাবুকি দি ৰঙাঘৰৰ আলহী হ’ল এজন প্রাক্তন সেনা জোৱান৷ ধৃত জোৱানজনৰ নাম তীর্থ চলিহা৷ মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে  সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা ভাৰতীয় সেনাৰ প্রাক্তন জোৱান তীর্থ চলিহাক গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে তীর্থ চলিহাই ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ব্যর্থ হোৱা বুলি অভিযোগ কৰাৰ লগতে এইক্ষেত্রত হতাশ হৈ মন্ত্রীগৰাকীক ছ’চিয়েল মিডিয়াত প্রাণে মৰাৰ ভাবুকি দিছিল৷ এই কথা চলিহাই আৰক্ষীৰ আগতো স্বীকাৰ কৰে৷ প্রাক্তন সেনা জোৱানজনে মন্ত্রী ড০ শর্মাক হত্যাৰ লগতে পত্নী আৰু তেওঁৰ দুই সন্তানকো হত্যাৰ ভাবুকি দিছিল৷ এই তথ্য অৱগত হোৱাৰ পিছতে মহানগৰ ক্রাইম ব্রাঞ্চে আজি তীর্থ চলিহাক গ্রেপ্তাৰ কৰে৷ হত্যাৰ ভাবুকি দিয়া লোকজন গুৱাহাটীৰ সাতগাঁৱত ভাৰাতীয়া হিচাপে অছিল৷

ছ’চিয়েল মিডিয়াৰ উক্তবার্তা লাভ কৰাৰ পিছতে ক্রাইম ব্রাঞ্চে সাতগাঁৱৰ পৰা গ্রেপ্তাৰ কৰে তীর্থ চলিহাক৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বিতর্কিত পোষ্ট শ্বেয়াৰ কৰিছিল চলিহাই৷ য’ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ পৰিয়ালৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল৷ তেওঁৰ পৰিয়ালক প্রাণে মৰাৰ ভাবুকি দিয়াৰ লগতে বিভিন্ন ধৰণৰ আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰিছিল প্রাক্তন সেনা জোৱানজনে৷ উল্লেখ্য যে তীর্থ চলিহাৰ প্রকৃত ঘৰ হ’ল উজনি অসমৰ লখিমপুৰ জিলাত৷

You might also like