ভুলৰ বাবে আমেৰিকাত ক’ৰোনাৰ পৰিস্থিতি বিষমঃ গেটছ
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভুল আৰু সজাগতাৰ অভাৱৰ বাবে দেশখনত ক’ভিড–১৯ৰ পৰিস্থিতি বিষম হৈ পৰিছে৷ মাইক্র’ছফটৰ সহঃ প্রতিষ্ঠাতা বিল গেটছে আমেৰিকা যুক্তৰাষ্ট্রৰ ক’ভিড–১৯ পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি এনেদৰে নিজৰ ভাব প্রকাশ কৰিছে৷ মহামাৰী ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত ট্রাম্প প্রশাসনে কেইবাটাও গুৰুতৰ ভুল কৰাৰ বাবে দেশখনত আক্রান্ত আৰু মৃতকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পালে৷ ঘাতক ভাইৰাছৰ মোকাবিলা কৰাৰ ক্ষেত্রত মাস্ক পৰিধান কৰাটো জৰুৰী যদিও ৰাষ্ট্রপতি ট্রাম্পে এইক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ নকৰিলে৷ নিজেও এই লৈ সজাগ নোহোৱাত সমগ্র দেশবাসীয়ে মাস্ক পৰিধান কৰাত প্রাধান্য নিদিলে৷ পৰিণতিত দেশখনত সংক্রমণ দ্রুতগতিত বৃদ্ধি পালে আৰু সম্প্রতি দেশখনৰ আক্রান্ত আৰু মৃতকৰ সংখ্যা অতিকে ভয়াৱহ হৈ পৰিছে