বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ণ উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে জনতা ভৱনত দিবা-নৈশ নিৰীক্ষণ ড্ৰ’ণ আৰু বন্যপ্ৰাণী বিশেষকৈ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে Anti-Depradation Quick Response Vehicleৰ শুভ উদ্বোধন কৰে।
এই অত্যাধুনিক ব্যৱস্থাৰ যোগেদি বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটো অধিক কটকটীয়া কৰা হ’ব।