বিগ বিৰ চিকিৎসালয়ৰ আৱেগিক অনুভৱঃ ক’ৰোনা ভাইৰাছৰ বাবে ৰোগীৰ কি দৰে মানসিক অৱস্থাৰ পৰিৱৰ্তন হয়
নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন বৰ্তমান ক’ৰোনাত আক্ৰান্ত হৈ মুম্বাইৰ নানৱতী হাস্পতালত ভৰ্ত্তি হৈ আছে। অভিনেতা গৰাকীৰ সৈতে তেওঁৰ পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্ছনও ভৰ্তি হৈ আছে। অভিনেতা গৰাকীয়ে ক’ৰোনা ভাইৰাছৰ পৰা এজন ৰোগী কেনেদৰে মানসিক অৱস্থা হয় সেই বিষয়ে লিখিছে।
বিগ বিয়ে লিখিছে ভাইৰাছ যাতে সংক্ৰমিত নহয় তাৰ বাবে আইচলেচন থকা আৰু অন্য বেলেগ মানুহ কাকো সপ্তাহ ধৰি নেদেখে তেতিয়া কি মানসিক অৱস্থা হয় সেইটো অনুভৱ কৰিব পাৰি।
বি বিয়ে লগতে আৰু লিখিছে ৰাতিৰ অন্ধকাৰত আৰু ঠাণ্ডা কোঠাত মই গান গাঁও, টোপনি আহিবৰ কাৰণে চকু বন্ধ হয় যায়.. ইয়াৰ বাবে মোৰ ওচৰত কোনো নাই.. ক’ৰোনা ভাইৰাছত আক্ৰান্ত এজন লোকৰ মানসিক স্থিতি গম পোৱা যায়।
আনহাতে চিকিৎসা কৰ্মী সকলৰ বিষয়ে লিখিছে আপুনি কেতিয়াও গম নাপায় তেওঁলোক কোন হয়, তেওঁলোকৰ ভাৱ কেনেধৰণৰ কাৰণ তেওঁলোক সদয় পিপিই কিট পিন্ধি সুৰক্ষিত হৈ থাকে.. মাত্ৰ বগা, তেওঁলোক প্ৰায় ৰবটেই। মাত্ৰ ঔষধ খাবৰ বাবে ঔষধ দিয়ে আৰু গুচি যায়গৈ। গুচি যায় কাৰণ তেওঁলোক যাতে সংক্ৰমিত নহয়।
অভিনতো গৰাকীয়ে আৰু লিখিছে ৰোগী চিকিৎসালয় যোৱা পিছত জীৱন বদলি হৈ যায়। তেওঁলোক ৰাইজৰ ওচৰলৈ যাবলৈ ভয় কৰে কাৰণ তেওঁলোকক অন্য ধৰণে ব্যৱহাৰ কৰি বুলি। এনেকুৱা আচৰণ কৰে যে তেওঁলোকে ভাইৰাছটো লগত লৈ ঘুৰি ফুৰিছে। বিগ বি যে ইয়াক অস্পৃশ্য বুলি কৈছে। ইয়াৰ বাবে তেওঁলোক শৃংখলাবদ্ধ হৈ গৈ আছে লগতে ক্ৰমশঃ অকলশৰীয়াও অনুভৱ কৰিছে।