নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰৰ সিদ্ধান্ত ধোনীয়ে নিজে ল’ব: গৌতম গম্ভীৰ

নিয়মীয়া বাৰ্তা , ২৭ জুলাই: ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীৰ প্রতি সমর্থন আগবঢ়াইছে টীম ইণ্ডিয়াৰ প্রাক্তন অ’পেনাৰ গৌতম গম্ভীৰে৷ ষ্টাৰ স্প’টছৰ ক্রিকেট কানেক্টেড অনুষ্ঠানত অংশ লৈ গৌতম গম্ভীৰে কয় যে যদি ধোনী ফিট হৈ আছে, তেতিয়া হ’লে তেওঁ খেলি যোৱাটো প্রয়োজন৷ টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটছমেনগৰাকীক অৱসৰৰ বাবে হেঁচা দিয়া অনুচিত৷

অৱসৰৰ সিদ্ধান্ত ধোনীয়ে নিজে ল’ব৷ ক্রিকেটত বয়সৰ কোনো সময়সীমা নাথাকে৷ যদি কোনো খেলুৱৈ সুন্দৰ ফর্মত আছে, তেন্তে তেওঁ খেলি যোৱাটো উচিত৷ মহেন্দ্র সিং ধোনীৰ ফিটনেছক চাই তেওঁ ভাৰতীয় দললৈ প্রত্যাৱর্তন কৰাটো উচিত বুলি মন্তব্য কৰি ভাৰতীয় দলটোৰ প্রাক্তন অ’পেনাৰগৰাকীয়ে লগতে কয় যে কেইবাগৰাকীও ক্রিকেট বিশেষজ্ঞই ধোনীৰ বয়সক লৈ প্রশ্ণ উত্থাপন কৰি আহিছে৷ ধোনীয়ে কেতিয়া অৱসৰ ল’ব, সেয়া তেওঁৰ ব্যক্তিগত কথা৷ তেওঁক অৱসৰৰ বাবে আমি হেঁচা দিয়াটো উচিত নহয়৷ আগন্তুক আই পি এলত উন্নত প্রদর্শন দাঙি ধৰি চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে অচিৰেই টীম ইণ্ডিয়ালৈ প্রত্যাৱর্তন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে গৌতম গম্ভীৰে৷

You might also like