নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত পাকঘৰ  অন লাইন সেৱাৰ শুভাৰম্ভ 

 নিয়মীয়া বাৰ্তা ২৭জুলাই :লকডাউনৰ সময়ত ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ ফলত বজাৰ সমাৰ কৰাৰ  ক্ষেত্ৰত  ৰাইজৰ ভীষণ সমস্যা সৃষ্টি হোৱাৰ সময়তে ঘিলামৰাৰ কেইজন মান উদ্যোগী যুৱকে “পাকঘৰ নামৰ এটা অনলাইন এপ মুকলি  কৰি অনলাইন যোগে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় থলুৱা বস্ত যোগান  ধৰাৰ পৰিকল্পনা কৰা  পাকঘৰ অন লাইন সেৱাৰ  এপ টি   আজি      (২৭ জুলাই)আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । ঘিলামৰা অৰুনোদয় সেৱা কেন্দ্ৰত এটি সুস্বাদু কেক কাটিএপ মুকলি কৰি শিক্ষক ৰঞ্জিত দাস আৰু অৰুণোদয় সেৱা কেন্দ্ৰৰ পৰিচালক হিৰণ্য হাজৰিকাই।

পাকঘৰ অন লাইন পৰা ঘিলামৰা লগতে দাঁতি কাষৰীয়া অঞ্চল সমূহ ৰাইজে লক ডাউন, আৰু  আন লকৰ সময়ত সততে দেখা অত্যাৱশকীয় সামগ্ৰী যোগান নিশ্চিত হৈ  ঘৰৰ পৰাই  অডাৰ দি লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য প্ৰকাশ কৰিছে । এই সেৱা ৰ পৰিকল্পক উৎপল ফুকন আৰু নৱ কুমাৰ চেতিয়াই  পাকঘৰৰ  অন লাইন  সেৱা ৰ পৰা পাব পৰা সুবিধা সমূহৰ বিষয়ে উল্লেখ কৰি কয় যে এই সেৱাৰ বাবে ঘিলামৰা  আশে পাশে  নিদিষ্ট কৰি ৰখা মাছ মাংসৰ দোকানৰ  উপৰিও কেক পৰা কাপোৰলৈকে  থলুৱা  খাদ্য সামগ্ৰী যোগান নিশ্চিত কৰা হব বুলি সাংবাদিক আগত প্ৰকাশ কৰিছে । থলুৱা লোকৰ থলুৱা প্ৰয়াস , এইবানীৰে থলুৱাই বজাৰ দখল কৰা আৰু  আত্মনিভৰশীল অসম (মন্ত্ৰৰে) উজ্বিবিত হোৱাৰ উদেশ্যৰে ঘিলামৰা উদোগী যুবকদ্বয় নব চেতিয়া (৮৬৩৮৪৮৯৬৬৭)আৰু উৎপল ফুকন (৭০০২১৯৩৯৪৬)নে এই নম্বৰত অধিক জানিব লৈ যোগাযোগ কৰিব বাবে আহ্বান জনাইছে ।

You might also like