নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ তিনিচুকীয়া জিলাত ক্ৰমাত ভয়াবহ হবলৈ ধৰিছে ক’ৰোনা মহামাৰী ৷ ইতিমধ্যে জিলা খনত ৯০০ সীমা পাৰ কৰিলে ক’ভিত পজিটিভৰ সংখ্যা ৷ আনহাতে পূৰ্বৰ দিন সমূহত ৪ জনকৈ কভিত পজিটিভৰ দুখজনক মৃত্যু হোৱাৰ পাছত আজি তিনিচুকীয়াৰ তিনিগৰাকী কভিত ৰোগী ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে ৷ এনেদৰে ৰাজ্যখনৰ কেবাখনো ঠাইৰ লগতে তিনিচুকীয়া জিলাখনত কভিত ৰোগীৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷সমান্তৰালকৈ জিলাখনত গৰিষ্ঠ সংখ্যকেই নামানে সামাজিক দুৰত্ব আৰু নিপিন্ধে মাক্স ৷নিয়ম নীতি তিনিচুকীয়াত ধোৱাচাংত ৷আজি ডিব্ৰুগড়ৰ চিকাৎসা মহাবিদ্যালয়ত মৃত্যুহোৱা পুস্পা ৰয়, দিনেশ দাস আৰু অজয় মাহাতুৰ মৃতদেহ নিশালৈ তিনিচুকীয়াৰ শ্মশান স্হলিত দাহ সংস্কাৰ কৰিব ৷এই খিনতে উল্লেখ কৰিব পাৰি যে আজি দাহ কায্যত সহযোগ কৰিবলৈ তিনিচুকীয়াৰ কোনো সদাসয় ব্যক্তি আগবাঢ়ি আহিবলৈ মন্ত্ৰী সঞ্জয় কিষাণে আহ্বান জনাইছে ৷ প্ৰণিধানযোগ্য যে ট্ৰেভেল হিষ্ট্ৰী নথকা , সামাজিক সংক্ৰমণৰ সংখ্যা অস্বভাবিক ৰূপে জিলাখনত বৃদ্ধি পোৱাতো আন এক চিন্তনীয় বিষয় ৷