নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ লালী নদীৰ বাঢ়নী পানীয়ে যোৱা এসপ্তাহৰ আগতে গালীঘাট কৃঞ্চপুৰ সংযোগী মঠাউৰিটোৰ সাধুঘাটৰ অংশত চাৰিশ মিটাৰলৈকে ছিঙি লালী নদীৰ এটা সূঁতি বৰং অঞ্চলৰে সোমাই বৃহত্তৰ বৰং অঞ্চলৰ কেবাখনো গাওঁ জলমগ্ন কৰি পেলাইছে । বৰং অঞ্চলৰ মজদুৰ, বৰং আহোম, ১ নং, ২ নং,৩ নং চৰাইবাৰী,তিনি সুঁতি,এৰাসুঁতি, মধ্যপুৰ, মুক্তিয়াৰ, মদাৰগুৰী আদি কৃষিজীৱি গাঁও সমূহ আজিও জলমগ্ন হৈ আছে। গালীঘাটৰ পৰা বৰং কৃঞ্চপুৰ হৈ কৰ্ণপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ সাধুঘাটৰ অংশত ছিঙি গালী পথাৰপিনে সোমাই বুঢ়ীসূঁতি নদীত সংযোগ হৈ বৈ যোৱাৰ ফলত যাতায়তত বৰং অঞ্চলৰ ৰাইজৰ মাজত ভীষন সমস্যাৰ সৃষ্টি হৈছে ।
বৰং অঞ্চলৰ কৃঞ্চপুৰকছাৰী, কৃঞ্চপুৰ মিচিং, ১ নং, ২ নং পিপুলগুৰী, তেলীজান, ১ নং, ২ নং কৰ্ণপুৰ, মাঝিআলি, চিত্ৰনগৰৰ লগতে মেচাকি চাপৰিৰ অধিকাংশ গাঁৱৰ ৰাইজে ভাড়া ভৰি কৃঞ্চপুৰ বৰং মজদুৰ গাঁৱৰ মাজত এশ মিটাৰলৈকে টুলুঙা হাত নাৱেৰে পাৰাপাৰ হবলগা হৈ আহিছে । এমাহ সময় ধৰি বৰং অঞ্চলৰ কৃষিজীৱি গাঁৱৰ শস্যপথাৰ লালী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত খেতিয়ক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় বানপীড়িত ৰাইজে গালীঘাট কৃঞ্চপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম হাতত লবলৈ সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক দাবী জনাইছে ।
Next Post
You might also like