নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহনীয়াত জাহ গ’ল বৰঘুলিৰ ঐতিহাসিক মছজিদ

শিলঘাটৰ ৰবৰবাৰীত খহনীয়াৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা  ২৭ জুলাই : বৰঘুলি, ভূৰবন্ধা, বগামুখ আদিত ব্ৰহ্মপুত্ৰ নদীয়ে ব্যাপক খহনীয়া অব্যাহত ৰাখিছে। বিগত কেইবাদিনো ধৰি খহনীয়া অব্যাহত থকাত কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বৰঘূলিত খহনীয়া অব্যাহত থকাত ইতিমধ্যে কেইবাখনো শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে বহুলোক গৃহহীন হব লগা হৈছে। যাৰ ফলত এই লোকসকলৰ বৰঘুলি অঞ্চলত খহনীয়া অব্যাহত থকাত অঞ্চলটোৰ ৰাইজৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। যোৱানিশা বৰঘুলি অঞ্চলত ১২০ বছৰীয়া ইতিহাস সমৃদ্ধ লাল মছজিদ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যায়। ঐতিহাসিক এই মছজিদটো খহনীয়াত জাহ যোৱাত অঞ্চলটোৰ ৰাইজ শোকত ভাগি পৰে। আনহাতে কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত শিলঘাটৰ ৰবৰবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। বিগত কেইবাবছৰ ধৰি ৰবৰ বাৰী অঞ্চলত খহনীয়া অব্যাহত থকাৰ পিছতো জলসম্পদ বিভাগে খহনীয়া ৰোধৰ কোনো শক্তিশালী ব্যৱস্থা গ্ৰহণ নকৰাত এইবাৰ খহনীয়াই অঞ্চলটোত তাণ্ডৱৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পূজা-অৰ্চনা কৰিছে বুলি জানিব পৰা গৈছে।

You might also like