নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ষ্টেট বেংক জোনাই শাখাৰ পৰিচালকৰ বদলিৰ দাবীত গ্ৰাহকৰ ধৰ্ণা কাৰ্যসূচী

উৰ্ধতম কতৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ক’ৰোনা ভাইৰাছক লৈ সামাজিক দূৰত্ব বজাই ৰখাৰ সময়তে আজি জোনাইত শতাধিক গ্ৰাহকে একেলগে প্ৰতিবাদ সাব্যস্ত কৰে জোনাই ষ্টেট বেংকৰ সন্মুখত। জোনাই ষ্টেট বেংকৰ শাখা পৰিচালক পংকজ কুমাৰ হিঙক শীঘ্ৰে বদলি দাবীত শতাধিক গ্ৰাহকে আজি ৰূপায়ন কৰে উত্তাল প্ৰতিবাদ। অভিযোগমতে ষ্টেট বেংকৰ জোনাই শাখাৰ পৰিচালক পংকজ কুমাৰ হিঙে বহু দিনৰ পৰা সাধাৰণ গ্ৰাহকৰ বাদেও জেষ্ঠ্য নাগৰিককো বিভিন্ন সময়ত গলি গলাজ কৰি দুঃব্যৱসাৰ, কৰি আহিছে। ইফালে অসমীয়া বুজি নোপোৱা শাখা পৰিচালক পংকজ হিঙে গ্ৰাহকে অসমীয়াত কিবা এটা কলে গালি গালাজ কৰি উলিয়াই দিয়ে বেংকৰ পৰা। ইয়াৰ উপৰিও পি. এম. কিক্ষান নিধিৰ নামত প্ৰকৃত খেতিয়ক ঋণ প্ৰদান কৰিবলৈ বিত্তিয় প্ৰতিষ্ঠান সমূহলৈ চৰকাৰে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে যদিও জোনাই ষ্টেট বেংকৰ শাখা পৰিচালক পংকজ কুমাৰ সিঙে অতি লোন দিয়াৰ নামত যাৱতীয় নথিপত্ৰ বিচাৰি চূড়ান্ত খেলিমেলিৰ সৃষ্টি কৰিছে। যাৰ ফলত শাখা পৰিচালক পংকজ কুমাৰ সিংৰ বিৰুদ্ধে সোমবাৰে বহি:প্ৰকাশ ঘটিল গ্ৰাহকৰ মাজত। ইফালে প্ৰতিবাদী গ্ৰহকসকলে শাখা পৰিচালক পংকজ কুমাৰ সিঙৰ শীঘ্ৰে বদলি কৰক , পংকজ কুমাৰ সিঙ কাম নাই, শাখা পৰিচালক পংকজ কুমাৰ সিঙ ওলাই আহক আদি নানা শ্ল’গানেৰে উত্তাল কৰে বেংকৰ চৌহদ। পিছত শাখা পৰিচালক পংকজ কুমাৰ সিঙ ওলাই আহি গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হয়।
ইফালে প্ৰতিবাদৰ অন্ত গ্ৰাহক ৰাইজে ষ্টেট বেংকৰ জোনাই শাখাৰ পৰিচালক পংকজ কুমাৰ সিঙক বদলিৰ দাবী তুলি জোনাই মহকুমাৰ কাৰ্যবাহী দণ্ডাশীৰ জৰিয়তে ষ্টেট বেংকৰ ডিব্ৰুগড়ৰ ডি.জি.এম আৰু ইটানগৰৰ এ.জী.এমলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

You might also like