নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ চিআৰপি,২ এছ এছ বি জোৱানসহ আজি চিৰাঙত নতুনকৈ ১৪ গৰাকী ক’ভিড-১৯ আক্ৰান্ত

নিয়মীয়া বাৰ্তা,২৭ জুলাই : চিৰাং জিলাত আজি নতুনকৈ ১৪ জন ব্যক্তিক ক’ভিড-১৯ত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ।তেওঁলোকৰ ভিতৰত ৫ জন চি আৰ পি এফ জোৱান,২ জন এছ এছ বি জোৱান,এজন বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী তথা অন্যান্য লোকো আছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি আজি ১৪ জন ক’ভিড-১৯ সংক্ৰমণ হোৱা ব্যক্তি কেইজনক ক্ৰমে তনিছ লাক্ৰা (২৭),ছবিৰাম সিং(৩৫),বাৰিক ডিগ্গল(৫৩),কালেশচিন আৰ(৩০),তাৰিফ খান(৩০)  বুলি চিনাক্ত কৰা হৈছে। বাকী সকলক   সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি বাহিনীৰ আনন্দবজাৰ শিবিৰৰ গোবিন্দ বাইথা (৩২),সুমিত কুমাৰ দুবে (৩০),বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী ৰামকৃষ্ণ বেহৰা (৪২),চিদলী ইন্দিৰা ৰায়(৪৪),ঢালিগাঁওৰ জিতু ৰায় (৩৬),ছাপাগুৰিৰ ভাবিক ভিমান (২৮),বাসুগাঁও নিচিনাপাৰাৰ নীলমণি ঘোষ(৬০)আৰু অনিতা ঘোষ(৫০),আমগুৰিৰ নমোল বসুমতাৰী(৩৭) বুলি জানিব পৰা গৈছে । আক্ৰান্ত ব্যক্তিকেইগৰাকীক সম্প্ৰতি কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয় আৰু  কাশীকোত্ৰা আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ  স্থানান্তৰ কৰি চিকিৎসাধিন কৰা হৈছে।।

You might also like