নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ নেলী অঞ্চলৰ আদিবাসী বিশিষ্ট সমাজ সেৱক লক্ষীকান্ত গোৱালাই আজি ২৭ জুলাইত আমচৈ অঞ্চলৰ বৰালিমাৰী, পূৱবোলা, পশ্চিম বোলা , গৰৈমাৰী গাঁৱৰ বানপানীৰ বাবে কপিলীৰ মথাউৰিত আশ্রয় লৈ থকা বানপীড়িত সকলৰ মাজলৈ আহি চাউল, দালি, মিঠাতেল, আলু, পিঁয়াজ,নিমখ,হালধি পেকেট , বিস্কুট, চাবোন, মমবাতি ইত্যাদি সম্পূৰ্ণ নিজাববীয়াকৈ বিতৰন কৰে। আদিবাসী নেতাগৰাকীয়ে এতিয়ালৈকে ৫০০ টা বানপীড়িত পৰিয়ালৰ মাজত এনেকৈ সাহায্য সামগ্ৰী বিতৰন কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত নেলী উলুকুঞ্চি অঞ্চলৰ বানপীড়িত পৰিয়ালও আছে। জানিব পৰা মতে আগন্তুক দিনবোৰতো আদিবাসী নেতা লক্ষীকান্ত গোৱালাই অন্যান্য অঞ্চলৰ বানপীড়িতৰ মাজতো এনেদৰে সাহায্য সামগ্ৰী বিতৰণ কৰিব।
You might also like