নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণঃ মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্য্যালয়ত সংঘটিত বৃহৎ কেলেংকাৰী তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ ধেমাজি জিলা জোনাই মহকুমাত চলি থকা  বৃহৎ কেলেংকাৰী তদন্তৰ দাবীত আজি জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই টাউন ক্লাৱৰ পৰা এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্য্যালয়ৰ প্ৰাঙ্গণত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ জোনাই মহকুমাত অন্তৰ্গত মুৰ্কংচেলেক খণ্ড উন্নয়ণৰ প্ৰতিখন পঞ্চায়তত অবাধ দুৰ্নীতি চলি আহিছে ৷ লগতে জোনাই মহকুমাত  এচাম কমিচন ভূগিয়ে MGNREGA ভূৱা জবকাৰ্ডৰ জৰিয়তে বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰি আহিছে আৰু, মুৰ্কংচেলেক  খণ্ড উন্নয়ন বিষয়া গৰাকীৰ সৈতে মিলি কমিচনৰাজ বিভিন্ন বিষয়া কৰ্মচাৰীৰ, চতুদৰ্শ বিত্তীয় আয়োগৰ ( 14th Finance) বৃহৎ কেলেংকাৰী, প্ৰধান মন্ত্ৰী আৱাঁস যোঁজনাৰ বৃহৎ দুৰ্নীতি  চলি আছে৷ আজিৰ এই ধৰ্ণা কাৰ্য্যসূচীত জোনাই মহকুমা ছাত্ৰ সন্থাই অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, গ্ৰামোন্নয়ন মন্ত্ৰী কাম নাই , এই জুই জ্বলিছে , কমিচন ৰাজ বন্ধ কৰক , বিজেপি গ’বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে জোনাই৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত মুৰ্কংচেলেক উন্নয়ন খণ্ডত চলি থকা বৃহৎ কেলেংকাৰীৰ ওপৰত উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীত আজি জোনাই মহকুমা ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি বৰাৰ স্বাক্ষৰিত এক স্মাৰকপত্ৰ কাৰ্যবাহী দণ্ডাদীশ প্ৰিতম কুমাৰ দাসৰ হাতত অৰ্পণ কৰে আৰু স্মাৰক পত্ৰ খন মহকুমাধিপতিৰ জড়িয়তে পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী, অসম চৰকাৰ আৰু উপায়ুক্ত মহোদয়, ধেমাজি জিলালৈ প্ৰেৰণ কৰা হব বুলি দণ্ডাদীশ গৰাকীয়ে জানিব দিয়ে৷ ইয়াৰ উপৰিও অসম ছাত্ৰ সন্থাৰ জোনাই মহকুমাৰ সাধাণ সম্পাদক নয়নজ্যোতি বৰাই কয় দুৰ্নীতি মুক্ত কোৱা অসমৰ মুখ্য মন্ত্ৰীয়ে মুৰ্কংচেলেক উন্নয়ন খণ্ডত যি দুৰ্নীতি হৈছে তাৰ ওপৰত ন্যায়িক তদন্ত ঘোষণা কৰি আৰু এখন কমিটি গঠন কৰি ইয়াৰ ওপৰত উচিত  তদন্তৰ দাবী জনাইছে এই বিক্ষোভ কাৰ্য্যসূচীৰ জড়িয়তে৷ আজিৰ এই বিক্ষোভ কাৰ্য্যসূচীত  ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজীৱ গগৈ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম সাহিত্য সম্পাদক দেবেন ডেকা সাংকৃতিক সম্পাদক হীৰেন হৰনীয়া, প্ৰচাৰ সম্পাদক কৈলাশ মিৰিৰ লগতে জোনাই মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতি খন আঞ্চলিকৰ সভাপতি সাধাৰন সম্পাদকৰ লগতে শতাধিক সদস্যই অংশ গ্ৰহণ কৰে৷

You might also like