নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢালিগাঁৱত চিৰাং আৰক্ষীৰ অভিযান,দুই ড্ৰাগচ  সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,২৮ জুলাই: চিৰাং আৰক্ষীৰ এটি অভিযানকাৰী দলে ঢালিগাঁও অঞ্চলত অভিযান চলাই দুজন ড্ৰাগচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । একাংশ স্থানীয় যুৱকৰ সহযোগত কালি সন্ধিয়া আৰক্ষীৰ অভিযানকাৰী দলে এ এছ ২৬ ডি/৯৫৮৪ নম্বৰত পঞ্জীভূক্ত টিভিএছ এপছ মটৰ চাইকেলত অহা দুই যুৱকক আটক কৰি তালাচী চলোৱাত যুৱকদ্বয়ৰ জিম্মাৰ পৰা সন্দেহযুক্ত ড্ৰাগচ ভৰ্তি ৪টা প্লাষ্টিক টেমা, দুটা মোবাইল ফোন,নগদ ধন ৪৭৫০ টকা জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা যুৱকদ্বয়ক ক্ৰমে জিলা খনৰ বিজনী থানাৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ প্ৰয়াত ফজল হকৰ পুত্ৰ ৰছিদুল ইছলাম (২০) আৰু বঙাইগাঁও জিলাৰ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত নাচনগুৰি গাঁৱৰ বাসিন্দা ছপিয়ৰ ৰহমানৰ পুত্ৰ তছবীৰ আলী (১৯)বুলি চিনাক্ত কৰিছে । ৰছিদুল ইছলামে সম্প্ৰতি ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যক্তিজনৰ ঘৰত বসবাস কৰি থকাৰ বিপৰীতে তছবীৰ আলীয়ে একেখন থানাৰ অন্তৰ্গত কাদেৰ বজাৰৰ বাসিন্দা মমতা বেগমৰ ঘৰত থাকি ড্ৰাগচ সৰবৰাহত জড়িত হৈ আছিল । আটক কৰা দুয়োজন যুৱকৰ বিৰুদ্ধে ঢালিগাঁও থানাত জিডিই নং-৭৬৫ ত গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰা হয়। আৰক্ষীৰ আবেদন মৰ্মে আদালতে অভিযুক্ত যুৱকদ্বয়ক দুদিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে । ঢালিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকদ্বয়ক সোধাপোছা অব্যাহত ৰাখিছে । উল্লেখ্য যে চিৰাং আৰক্ষীয়ে বিজনী মহকুমাৰ অন্তৰ্গত একাধিক স্থানত ড্ৰাগচৰ বিৰুদ্ধে অভিযান চলাই কেইবাজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । তাৰ ফলশ্ৰুতিতে বিজনী আৰু বঙাইগাঁও জিলাৰ ড্ৰাগচ সৰবৰাহকাৰী সকলে ঢালিগাঁও অঞ্চলত বাহৰ পাতি বৰবিহ সদৃশ ড্ৰাগচৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে বুলি সন্দেহ কৰা হৈছে । আৰক্ষীৰ অনুসন্ধানত একাধিক অবৈধ ড্ৰাগচ সৰবৰাহকাৰী আটক হ’ব বুলি অঞ্চলটোৰ বাসিন্দা সকলে আশা ব্যক্ত  কৰিছে ।।

You might also like