মাৰুতি ছুজুকিৰ বিক্রী ৮১ শতাংশ হ্রাস
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ যানবাহন কোম্পানী মাৰুতী ছুজুকীৰ জুন ত্রি–মাসিকত বিক্রী ৮১ শতাংশ হ্রাস পাইছে৷ বিগত বর্ষটোৰ এই সময়ছোৱাত ৪০২,৬০০ ইউনিট বিক্রী হোৱাৰ বিপৰীতে চলিত বর্ষত বিক্রী হৈছে মাত্র ৭৬৫৯৯ ইউনিট৷ ইয়াৰ বাবে বর্ষটোৰ জুন ত্রিমাসিকত ২৬৮.৩ কোটি টকা লোকচান হৈছে কোম্পানীটোৰ৷ মহামাৰী ক’ভিড–১৯ আৰু ইয়াৰ বাবে বলৱৎ কৰা লকডাউনৰ পৰিপ্রেক্ষিততেই কোম্পানীটোৱে এই লোকচানৰ সন্মুখীন হ’বলৈ গৈছে৷ আনহাতে বিগত বর্ষৰ তুলনাত এই বর্ষটোত কোম্পানীটোৰ ৰাজহ ৭৮.৬৮ শতাংশ হ্রাস পাইছে৷ অর্থাৎ বিগত বর্ষত ১৯,২৭৩.২ কোটি টকা ৰাজহ সংগ্রহৰ বিপৰীতে এই বর্ষটোত এতিয়ালৈকে সংগ্রহ হৈছে মাত্র ৪১১০.৬ কোটি টকা৷ উল্লেখ্য যে কোম্পানীটোৰ ৰপ্তানিও ৬৬ শতাংশ হ্রাস পাইছে৷