নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱাৰ অভিযোগঃ বোকাজান থানাত কেইবাটাও সংগঠনৰ গোচৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ সামাজিক মাধ্যমযোগে প্ৰৰোচনামূলক তথা সাম্প্ৰদায়িক মন্তব্যৰে ঘৃণা বিয়পোৱাৰ অভিযোগ তুলি কাৰ্বি আংলংৰ তিনি ছাত্ৰ সংগঠনে বোকাজান থানাত এক এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে বোকাজান এলেকাৰ এখন দলং আৰু দলংখনৰ লগত সংলগ্ন অসম্পূৰ্ণ পথটোৰ সন্দৰ্ভত ২৮ জুলাইত গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত হোৱা এটা ব্যক্তিগত ছেনেলযোগে বাতৰি সম্প্ৰচাৰ হৈছিল। পৰৱৰ্তী সময়ত প্ৰকাশিত বাতৰিটোৰ অংশ সামাজিক মাধ্যম ফেচবুক যোগে প্ৰচাৰিত হোৱাৰ সময়তে গোলাঘাটৰ জনৈক ৰিতুৰাজ বৰা নামৰ এগৰাকী যুৱকে ফেচবুকত কাৰ্বি আংলং জিলা সম্পৰ্কে প্ৰৰোচনামূলক মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও ছাত্ৰ সংগঠন।
সামাজিক মাধ্যমযোগে এনে উচতনিমূলক তথা সাম্প্ৰদায়িক ঘৃণা বিয়পাব পৰা মন্তব্য প্ৰদানকাৰী যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি বৃহস্পতিবাৰে বিয়লি জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চেচং কুৰ’ ৰংফাৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু ষ্টুডেন্ট এণ্ড য়ুথ কাউঞ্চিলৰ বোকাজান জিলা সমিতিৰ সম্পাদক লিভিংষ্টন তেৰাঙে বোকাজান থানাত এখন এজাহাৰ দাখিল কৰে।
You might also like