নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ সামৰিক প্রস্তুতি

আজিৰ পৰা ডেৰ বছৰৰ পূর্বে ভাৰতীয় বায়ুসেনাত ৰাফেল যুদ্ধবিমানৰ সংযোজন ঘটা হ’লে যোৱা বছৰৰ ২৭ ফেব্রুৱাৰীত পাকিস্তানৰ সৈতে আকাশমার্গত হোৱা শ্বাসৰুদ্ধকৰ ‘ডগফাইট’ৰ ফলাফল নিশ্চিতভাৱে সম্পূর্ণ বেলেগ হ’লহেঁতেন৷ সম্ভৱতঃ পাকিস্তানৰ এফ–১৬ বিমান ধ্বংস কৰাৰ পিছত ভাৰতীয় পাইলটে শত্রুক কোনো সুযোগ নিদিয়াকৈ নির্বিঘ্ণে দেশলৈ ঘূৰি আহিব পাৰিলেহেঁতেন৷ সম্ভৱতঃ উইং কমাণ্ডাৰ অভিনন্দন ৱর্তমানেও পাক সেনাৰ জিম্মাত এটা নিশা কটাবলগীয়া নহ’লহেঁতেন৷ পলমকৈ হ’লেও ভাৰতীয় বায়ু সেনাত ৰাফেল বিমানৰ সংযোজনে ভাৰতৰ সামৰিক শক্তি বৃদ্ধি কৰিলে৷ কিন্তু চীনৰ সৈতে সীমান্তত ক্রমান্বয়ে উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে মাত্র ৫খন ৰাফেলৰ আগমনক লৈ ভাৰত আত্মসন্তুষ্টিত ভোগাটো হ’ব মাৰাত্মক ভুল৷ ফ্রান্সৰ পৰা আনিবলগীয়া ৩৬খন ৰাফেলৰ বাকীকেইখন কিমান সোনকালে ভাৰতে আহৰণ কৰিব পাৰে তাৰ পৰাই সামৰিক শক্তি বৃদ্ধিৰ ক্ষেত্রত প্রকৃততে প্রয়োজন অনুপাতে এন ডি এ চৰকাৰ তৎপৰ হৈছেনে নাই তাৰ উমান পোৱা যাব৷ বিগত কেইবাটাও দশক ধৰি সামৰিক অস্ত্র–শস্ত্র আৰু অত্যাধুনিক যুদ্ধবিমান বা তেনেধৰণৰ আন যন্ত্র ক্রয় কৰাৰ ক্ষেত্রত ভাৰতে বিলম্ব কৰাৰ অৱকাশ বিচাৰি পাইছিল৷ কিন্তু এতিয়া আৰু সেই দিন নাই৷ কাৰণ প্রায় চাৰিটা দশকৰ পিছত চীনে সীমা বিবাদক তেওঁলোকৰ এজেণ্ডাৰ সন্মুখলৈ আনিছে আৰু এল এ চি ভাৰতৰ সৈতে মুখামুখি হোৱাৰ বাবে মানসিক আৰু সামৰিকভাৱে সাজু হৈছে৷ এনে পৰিস্থিতিত চীনৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে নিজৰ সামৰিক প্রস্তুতি তুংগলৈ নিবই লাগিব৷ মহাশক্তিধৰ চীনক কেৱল ৫খন ৰাফেলেৰে চিন্তাত পেলোৱাটো সম্ভৱ নহয়৷ এই কথা সকলোৱে হূদয়ংগম কৰিব পাৰে৷ কিন্তু ইয়াৰ পিছতো ৰাফেলৰ আগমনক লৈ যি উছাহ দেখিবলৈ পোৱা গ’ল, সংবাদ মাধ্যমেও যি ধৰণে প্রচাৰ চলালে সেয়া বাস্তৱৰ সৈতে একেবাৰে অমিল বুলিয়েই ক’ব লাগিব৷ কিয়নো ভাৰতীয় প্রতিৰক্ষা বাহিনীত প্রয়োজন হোৱা অস্ত্র–শস্ত্র যোগান ধৰাৰ ক্ষেত্রত চৰকাৰে কোনোদিনেই নির্ধাৰিত সময়সীমা পালন কৰিব পৰা নাই৷ এই মুহূর্ততো অস্ত্র–শস্ত্রৰ ক্ষেত্রতো ভাৰতৰ প্রতিৰক্ষা বাহিনী যথেষ্ট পিছ পৰি আছে একমাত্র চৰকাৰী মেৰ–পেঁচৰ বাবে৷ সৌদিনালৈকে ইয়াক লৈ হয়তো খুব বেছি মূৰ ঘমাবলগীয়া নাছিল৷ কিয়নো প্রধান শত্রু পাকিস্তানতকৈ ভাৰতীয় প্রতিৰক্ষা বাহিনীৰ শক্তি স্পষ্টভাৱে অধিক৷ কিন্তু চীনে নিজৰ স্থিতি সলনি কৰি সীমান্তত নতুনকৈ ভাবুকিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰাৰ পিছত ভাৰতে এতিয়া প্রতিৰক্ষা বাহিনীৰ প্রয়োজনীয়তা পূৰণৰ দিশটোক সর্বাধিক অগ্রাধিকাৰ দিবই লাগিব৷
কোনো সন্দেহ নাই যে বিশ্বৰ ভিতৰতে ৰাফেল হ’ল অন্যতম সর্বশ্রেষ্ঠ যুদ্ধবিমান৷ ইয়াত হেমাৰৰ (হাইলি এজাইল ম’ডুলাৰ মিউনিছন এক্সটেণ্ডেড ৰেঞ্জ) দৰে উন্নত সুবিধাও আছে৷ কিন্তু ভাৰতে ৫খন ৰাফেল দেশলৈ অনাৰ পিছতহে পর্যাপ্তসংখ্যক হেমাৰ ক্রয়ৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ সেইদৰে বায়ু সেনাবাহিনীত এতিয়াও যুদ্ধবিমানৰ ব্যৱহাৰৰ বাবে মিছাইলৰ সংখ্যা পর্যাপ্ত নহয়৷ চৰকাৰে সময়ৰ অপচয় নকৰাকৈ ফ্রান্সৰ পৰা বাকী ৰাফেলকেইখন স্বদেশলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে প্রতিৰক্ষাবাহিনীক পর্যাপ্ত সমৰাস্ত্র যোগান ধৰি সম্পূর্ণ সাজু কৰি ৰাখিব লাগিব৷ তেনে এটা পর্যায় নোপোৱালৈকে শত্রুক ভাৰত আক্রমণৰ পৰা বিৰত ৰখাৰ যি প্রচেষ্টা গ্রহণ কৰি অহা হৈছে, সেয়াও আধৰুৱা হৈ থাকিব পাৰে৷ ইতিমধ্যে চীন আৰু পাকিস্তানৰ বিৰুদ্ধে দুই কোণীয়া বা টু ফ্রণ্ট যুদ্ধৰ সম্ভাৱনীয়তাৰ বিষয়টোৱে বিভিন্ন আলোচনাত স্থান লাভ কৰিছে৷ ভাৰতীয় সেনাপ্রধানে এনে এক প্রত্যাহ্বানৰ বাবে সাজু বুলিও মুকলিকৈ ঘোষণা কৰিছে৷ ভাৰতৰ প্রতিৰক্ষা শক্তিক অলপো তুচ্ছ নকৰাকৈ ক’ব পাৰি যে সেনাপ্রধানৰ এই সাহসী ঘোষণা তেতিয়াহে সম্পূর্ণ বিশ্বাসযোগ্য হ’ব, যেতিয়া প্রতিৰক্ষা বিভাগৰ সকলো অস্ত্র–শস্ত্রৰ প্রয়োজনীয়তা চৰকাৰে দূৰ কৰিবলৈ সক্ষম হ’ব৷

You might also like