নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ আমচৈ অঞ্চলৰ অন্তর্গত মৰিগাঁও জিলাৰ বৰবড়ী অঞ্চলৰ আহঁতপাম গাঁৱত বান সাহায্য সামগ্ৰীৰ আত্মসাৎ হোৱাৰ খবৰ জানিব পৰা গৈছে। জানিব পৰা মতে জুলাই মাহৰ ২৪ তাৰিখে মৰিগাঁৱৰ পৰা আহঁতপাম গাঁৱৰ বানপানী পীড়িত ৯০টা পৰিয়ালৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে ১৯ বেগ চাউল, ৫ বেগ দালি আৰু ১বেগ নিমখ প্রেৰণ কৰে। এই সামগ্ৰী বোৰ স্থানীয় গাঁওবুঢ়া লাউবৰ বড়োয়ে বানপীড়িতৰ মাজত বিতৰণৰ বাবে আহঁতপাম গাঁৱৰ ১নং গাঁও ৰক্ষী বাহিনীৰ সম্পাদক আব্দুল মালেক আৰু ২নং গাঁও ৰক্ষী বাহিনীৰ সভাপতি ৰেজাউলক চমজি দিয়ে। সামগ্ৰীবোৰ চমজি লৈয়েই দুয়ো মিলি ১বেগ চাউল আৰু ১বেগ দালি আত্মসাৎ কৰি পেলায়। স্থানীয় ৰাইজে এই কথা জানিব পাৰি জিলা প্ৰশাসনক জনোৱাত জিলা প্ৰশাসনে আহঁতপাম গাঁৱৰ ১নং গাঁও ৰক্ষী বাহিনীৰ সম্পাদক আব্দুল মালেকক যোৱা ২৮ জুলাইত কৰায়ত্ত কৰি জেললৈ প্রেৰণ কৰে যদিও ২ নং গাঁও ৰক্ষী বাহিনীৰ সভাপতি ৰেজাউল পলাই সাৰে। আৰক্ষীয়ে এতিয়া লৈকে ৰেজাউলক কৰায়ত্ত কৰিবলৈ সমর্থ হোৱা নাই ।
Next Post
You might also like