ক’ভিড বিজয়ী ৬৭গৰাকী অসম আৰক্ষীৰ প্লাজমা দান
নিয়মীয়া বাৰ্তা, ২ আগষ্ট:লকডাউনৰ সময়ৰে পৰা ক’ৰোনা যুঁজত বিশেষ ভূমিকা গ্রহণ কৰা অসম আৰক্ষীৰ অৱদানক প্রশংসা কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত অসম আৰক্ষীয়ে এই সময়ছোৱাত অতুলনীয় বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে যি আৰক্ষীয়ে চোৰ–ডকাইত ধৰাৰ কামত নিয়োজিত হৈ থাকে, সন্ত্রাসবাদীৰে যুদ্ধ কৰে, সেই আৰক্ষীয়ে লকডাউন আৰু ক’ৰোনা যুঁজৰ সময়ত মানুহৰ ঘৰে ঘৰে গৈ ঔষধ যোগান, খাদ্যবস্তু প্রদানৰ দৰে কর্তব্য পালন কৰিছে৷ অসম আৰক্ষীৰ মানৱ সেৱাৰ ক্ষেত্রত এই কার্য গৌৰৱময় ইতিহাস হিচাপে চিহ্ণিত হৈ ৰ’ব৷ উল্লেখ্য যে আজি জিএমচিএইচত অসম আৰক্ষীৰ ক’ভিডত আক্রান্ত হৈ ইতিমধ্যে সুস্থ হৈ উঠা ৬৭গৰাকী লোকে প্লাজমা দানৰ বাবে আগবাঢ়ি আহে৷
এই সম্পর্কত জিএমচিএইচ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ব্যক্তিগতভাৱে বহু লোকে প্লাজমা দান কৰিছে যদিও সংঘবদ্ধভাৱে অসম আৰক্ষীয়ে প্রথম প্লাজমা দানৰ বাবে আগবাঢ়ি আহিছে৷ ইয়াৰ বাবে তেওঁ আৰক্ষী সঞ্চালকপ্রধানক ভূয়সী প্রশংসা কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে ক’ৰোনাৰ ক্ষেত্রত প্লাজমা চিকিৎসা ব্যৱস্থা আটাইতকৈ উত্তম৷ ইয়াৰ কোনো পার্শ্বক্রিয়া নাথাকে৷ প্রথম যেতিয়া ৰাজ্যখনত প্লাজমা চিকিৎসা আৰম্ভ কৰা হৈছিল, তেতিয়া ২৬গৰাকী লোকক প্লাজমা দিয়া হৈছিল৷ ইয়াৰে ৭গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ১৯গৰাকী লোক সুস্থ হৈছে৷ সাধাৰণতে প্লাজমা প্রথম পর্যায়ত দিব লাগে৷ সেই সময়ত এই বিষয়ে জানিব পৰা নগৈছিল৷
শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰকে ধৰি ২৭গৰাকীক শৰীৰত অক্সিজেন কমাৰ লগে লগে প্লাজমা দিয়া হৈছে৷ এতিয়া সকলো সুস্থ হৈ উঠাৰ পথত৷ এজন লোকৰ প্লাজমাৰে দুজন লোকক সুস্থ কৰিব পৰা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াৰে পৰা কোনগৰাকী লোকৰ প্লাজমা লৈ কোন কোন লোকে প্রাণ পালে, সেই সম্পর্কত অহা ১০ দিনৰ পিছতেই ৱেবছাইটযোগে জানিব পাৰিব৷ যাৰ বাবে যিসকলে জীৱন পালে, তেওঁলোক সেইসকল লোকৰ প্রতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷ এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হাও উপস্থিত থাকে৷