নিয়মীয়া বাৰ্তা ২ আগষ্টঃ সমগ্ৰ মৰিগাঁও জিলাৰ গ্ৰাম্যাঞ্চল সমূহত উভৈনদী হৈ পৰা বিলাতী সুৰাৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে মৰিগাঁও ৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই। আজি আৰক্ষীৰ অভিযানত মৰিগাঁও জিলাৰ বহা বৰজাৰী অঞ্চলৰ পংকজ ডেকা নামৰ ব্যক্তি জনৰ বাস গৃহৰ পৰা যথেষ্ট পৰিমানৰ বিলাতী সুৰা আৰু দেশীয় সুৰা জব্দ কৰে। উল্লেখ্য মৰিগাঁও চহৰৰ কেবাখনো সুৰাৰ বিপনিৰ স্বত্বাধিকাৰী সকলে প্ৰশাসনৰ চকুৰ সন্মুখত অবৈধ সুৰা গ্ৰাম্যাঞ্চল লৈ প্ৰেৰণ কৰি অহা ৰ অভিযোগ লাভ ৰ পিছৰ পৰাই আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকুলাই অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নতুন প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ যোৱা এই নিচাযুক্ত দ্ৰৱ্য সমূহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে। মৰিগাঁও বাসীয়ে আৰক্ষীৰ ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে চলি থকা অভিযানৰ বাবে আৰক্ষী অধীক্ষক গৰাকীক ধন্যবাদ জনাইছে।