নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান পুনৰুদ্ধাৰৰ লক্ষ্যঃ আজি জন্ম হ’ল আন এক ফ’ৰামৰ উপদেষ্টাৰ শাৰীত থাকিব কেইবাটাও দেশী- বিদেশী এন জি অ’

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ তেল- গেছে বিধ্বস্ত কৰা বাঘজানক পুনৰুদ্ধাৰৰ লক্ষ্য আগত ৰাখি আজি জন্ম দিয়া হ’ল এক সাৰ্বজনীন ফ’ৰামৰ। পৰিৱেশ কৰ্মী নিৰন্ত গোহাঁইক মুখপাত্ৰ, বীৰেন্দ্ৰ কুমাৰ চুতীয়াক মুখ্য সমন্বয়ক আৰু কমল বৰুৱাক সমন্বয়ক হিচাপে লৈ গঠন কৰা ২৫ জনীয়া কাৰ্যনিৰ্বাহক সমিতিত উপদেষ্টা হিচাপে থাকিব কেইবাটাও দেশী- বিদেশী স্বেচ্ছাসেৱী সংগঠন। মূলত অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিত বিধ্বস্ত হৈ পৰা বাঘজান আৰু চৌপাশৰ মাটি, পানী আৰু জৈৱ- বৈচিত্ৰ্য পুনৰুদ্ধাৰৰ বাবে বিভিন্ন কৰ্ম আঁ‌চনি গ্ৰহণ কৰি সমাধানৰ পথ প্ৰশস্ত কৰিব এই নৱগঠিত ফ’ৰামে।অসম চৰকাৰ আৰু অইল ইণ্ডিয়াই বাঘজানৰ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন আৰু জৈৱ- বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰৰ পদক্ষেপ গ্ৰহণত ব্যৰ্থ হৈছে বুলিও সভাৰ আমন্ত্ৰণি পত্ৰত উল্লেখ কৰা হৈছে। ইফালে বাঘজানৰ ভৱিষ্যৎ সন্দৰ্ভত গৱেষণামূলক অধ্যয়নত সুবিধা হোৱাৰ স্বাৰ্থতেই কেইবাটাও দেশী- বিদেশী স্বেচ্ছাসেৱী সংগঠন আৰু পৰিৱেশ কৰ্মীয়ে এটা উমৈহতীয়া ফ’ৰাম গঠনৰ পোষকতা কৰিছে বুলিও উদ্যোক্তা সকলে জনাইছে। এই ফ’ৰামৰ জৰিয়তে প্ৰধানকৈ আইনী সাহাৰ্য আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিষয় দুটাই গুৰুত্ব লাভ কৰিব।লগতে ক’ৰোনা ভাইৰাছৰ চিকিৎসা বিধান অনুসৰি কুৱাৰেণ্টাইন কালত প্ৰতি গৰাকী ব্যক্তিৰ নামত ৫০০ টকাকৈ খৰচ কৰাৰ আৰ্হিত বাঘজান কাণ্ডত আশ্ৰয় শিৱিৰত থকা লোকসকলৈও অইলে আগবঢ়াইছিল দৈনিক ৫০০ টকা। কিন্তু উক্ত সুবিধাৰ পৰা বঞ্চিত আছিল শিৱিৰৰ পৰিৱৰ্তে ৰখীয়া হিচাপে আপোন বাসগৃহত থাকি যোৱা ব্যক্তি সকল।উক্ত বঞ্চিত ব্যক্তিসকলৰ প্ৰাপ্য অধিকাৰৰ বাবেও পদক্ষেপ ল’ব এই ফ’ৰামে। অহা তিনি দিনৰ ভিতৰত ফ’ৰামখনৰ নামকৰণ আৰু পূৰ্ণাঙ্গ কৰণ হ’ব বুলিও জানিব পৰা গৈছে। গ্ৰীণ ভিজন নৰ্থ- ইষ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক বীৰেন্দ্ৰ কুমাৰ চুতীয়াই আহ্বান কৰা সভখনৰ পৌৰোহিত্যও কৰে তেওঁ‌ৱে। বাঘজান, গৈ পানী, নেমুগুৰি, নতুন গাওঁ‌, গৰিয়াটিং, বাৰেকুৰি, বাঘজান চাহ বাগিচাকে ধৰি বিভিন্ন ঠাইৰ নেতৃস্থানীয় ব্যক্তি, যুৱক সংঘ আৰু মহিলা সমিতিৰ নেতৃবৃন্দ সমন্বিতে শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত উপস্থিত থকাৰ পৰা বিৰত থাকে বাঘজান মিলনজ্যোতি যুৱক সংঘ আৰু ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট ক’নজাৰভেচন অৰগেনাইজেচন (এন জি টিৰ ওচৰত ভাৰত চৰকাৰ আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰ দিয়া স্বেচ্ছাসেৱী সংগঠন) ৰ প্ৰতিনিধি।প্ৰসঙ্গত উল্লেখ্য যে পৰিৱেশ কৰ্মী বনানী কাক্কাৰ আৰু ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট ক’নজাৰভেচন অৰগেনাইজেচনে সুকীয়া সুকীয়াকৈ ক্ৰমে অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰত চৰকাৰ আৰু অন্যান্যৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানিৰ ভিত্তিতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ন্যায়াধীশ এছ্ পি ৱাংডি আৰু সিদ্ধান্ত দাসকলৈ গঠিত প্ৰধান বিচাৰ পীঠে বাঘজান কাণ্ড সন্দৰ্ভত তদন্তৰ বাবে আঠজনীয়া সমিতি গঠন কৰি দিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে উত্থাপিত অভিযোগটো হ’ল মানৱ চুতীয়া আৰু ডম্বৰু চুতীয়া নেতৃত্বাধীন ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট ক’নজাৰভেচন অৰগেনাইজেচনে এন জি টিৰ দ্বাৰা দাখিল কৰা প্ৰতিবেদনৰ আগত আৰু পাছত বাঘজান কাণ্ডৰ সন্দৰ্ভত কোনোটো মাধ্যমত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত নহ’ল। সংগঠনটোৰ এনে মৌনতাই ৰহস্য ঘনীভূত কৰিছে বুলিও চৰ্চা চলিছে।

You might also like