নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিলতাৰ মাজতো ক’ৰোনা যুঁজত সফলতা; দেশৰ ভিতৰতে অসমত মৃত্যুৰ হাৰ সর্বনিম্ন

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে চলাই থকা যুঁজখন দীঘলীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ আক্রান্তৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত স্বাভাৱিকতে পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে৷ কিন্তু এনে চিন্তনীয় পৰিৱেশৰ মাজতো আশাৰ সঞ্চাৰ ঘটাইছে এক পৰিসংখ্যাই৷ যাৰ দ্বাৰা ক’ৰোনাকেন্দ্রিক যুঁজখন অধিক দৃঢ় কৰাৰ মনোবল বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগক৷

উল্লেখ্য যে যিসময়ত ক’ৰোনাত আক্রান্ত হৈ অন্য ৰাজ্যত ৰোগীৰ মৃত্যুৰ হাৰ দিনকদিনে বৃদ্ধি পাইছে, তেনে সময়ত অসমত মৃত্যুৰ হাৰ যথেষ্ট কম৷ স্বাস্থ্য বিভাগে আক্রান্ত ৰোগীৰ স্বাস্থ্য যাতে অধিক জটিল হৈ নপৰে, তাৰ বাবে যোৱা এপ্রিল মাহতে লোৱা বিশেষ পদক্ষেপৰ বাবে মৃত্যুৰ হাৰ দেশৰ অন্য ৰাজ্যতকৈ বহুগুণে নিম্নগামী হৈ আছে৷ অসমত ক’ৰোনা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ হ’ল ০.২৪ শতাংশ৷ অসমৰ তলতে আছে কেৰালা (০.৩৩ শতাংশ), ত্রিপুৰা (০.৪৪ শতাংশ), লাডাখ (০.৪৮ শতাংশ) আৰু হিমাচল প্রদেশ (০.৫৩ শতাংশ)৷ মন কৰিবলগীয়া যে বর্তমান দেশত ক’ৰোনা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ হ’ল ২.১৩ শতাংশ৷ এই হাৰ অতিক্রম কৰি পশ্চিমবংগত মৃত্যুৰ হাৰ হ’ল ২.২৪ শতাংশ, পঞ্জাবত ২.৩৭ শতাংশ, দিল্লীত ২.৯২ শতাংশ আৰু মহাৰাষ্ট্রত ৩.৫৫ শতাংশ৷ মৃত্যুৰ হাৰ হ্রাস কৰাৰ ক্ষেত্রত অসম সফল হোৱাৰ লগতে আৰোগ্যৰ ক্ষেত্রতো লাভ কৰিছে বিশেষ সফলতা৷ ৰাজ্যত সোমবাৰৰ দিনটোলৈ ৪১,৭২৬জন লোক পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে এতিয়ালৈ ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে ৩১,৪৪২জন লোক৷ অর্থাৎ অসমত আৰোগ্যৰ হাৰ হ’ল ৭৫ শতাংশ৷

দেশৰ ভিতৰতে আৰোগ্যৰ হাৰেৰে বর্তমান চতুর্থ স্থানত আছে অসম৷ উল্লেখ্য যে দেশত আৰোগ্যৰ হাৰ হ’ল ৬৫ শতাংশ৷ অসমৰ ওপৰত আৰোগ্যৰ হাৰ অধিক হোৱা ৰাজ্য তিনিখন হ’ল কেৰালা (৮৯ শতাংশ), হাৰিয়ানা (৮১ শতাংশ) আৰু তামিলনাডু (৭৬ শতাংশ)৷ ইয়াৰ বিপৰীতে ৰাজস্থানত ৭০ শতাংশ, পঞ্জাবত ৬৫ শতাংশ, বিহাৰত ৬৫ শতাংশ, গুজৰাটত ৭৩ শতাংশ আৰু মহাৰাষ্ট্রত ৬২ শতাংশ৷ মন কৰিবলগীয়া যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ঘোষণা কৰিছে যে ক’ভিড–১৯ৰ সংক্রমণ নিয়ন্ত্রণ কৰাৰ বাবে স্বাস্থ্য বিভাগে ‘টেষ্ট–ট্রেক–ট্রিট এণ্ড আইছ’লেচন’ নীতি গ্রহণ কৰিছে৷ অর্থাৎ অত্যধিক ক’ভিড পৰীক্ষাৰ দ্বাৰা ক’ৰোনা আক্রান্তক চিনাক্ত কৰাৰ পিছত তেওঁলোকক তৎপৰতাৰে চিকিৎসা কৰা আৰু পৃথকীকৰণ কৰাত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ ইতিমধ্যে জটিল পৰিস্থিতিৰ মাজতো টেষ্ট–ট্রেক–ট্রিট এণ্ড আইছ’লেচন নীতিৰ দ্বাৰা যথেষ্ট সুফলো পোৱা গৈছে৷ আনহাতে ক’ভিড পৰীক্ষাৰ ক্ষেত্রত অসম এতিয়া দেশৰ ভিতৰতে পঞ্চম স্থানত৷ প্রতি এক লাখ লোকৰ ভিতৰত অসমত পৰীক্ষা কৰা হৈছে ২৭,৫৪৪গৰাকী লোকক৷ দেশৰ ভিতৰতে সর্বাধিক ক’ভিড পৰীক্ষা সম্পন্ন হৈছে দিল্লীত৷ প্রতি এক লাখৰ বিপৰীতে ৰাজধানী চহৰখনত ৫৩,০৪০গৰাকীৰ পৰীক্ষা সম্পন্ন হৈছে৷ দ্বিতীয় স্থানত থকা জম্মু–কাশ্মীৰত ৪৯,০২৬গৰাকীৰ, অন্ধ্রপ্রদেশত ৩৮,৫৩৯গৰাকীৰ আৰু তামিলনাডুত এক লাখ লোকৰ বিপৰীতে ৩৫,৯১৬গৰাকী লোকৰ পৰীক্ষা সম্পন্ন হৈছে৷

লক্ষণীয় যে দেশত প্রতি এক লাখ লোকৰ বিপৰীতে ১৪,৮৭১গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷ ক’ৰোনাকেন্দ্রিক যুদ্ধত প্রথমে বিশেষ সফলতা দেখুওৱা কেৰালাৰ দৰে ৰাজ্যত অসমতকৈও কম পৰীক্ষা সম্পন্ন হৈছে৷ দক্ষিণ ভাৰতৰ ৰাজ্যখনত প্রতি এক লাখৰ বিপৰীতে ২২,৬৫৯গৰাকী লোকৰহে ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷ আনহাতে প্রতি এক লাখৰ বিপৰীতে কর্ণাটকত ২১,০৫৭গৰাকীৰ, ৰাজস্থানত ২০,১১২গৰাকীৰ, পঞ্জাবত ১৯,৮৩৯গৰাকীৰ আৰু মহাৰাষ্ট্রত ১৭,৯৯৭গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷

You might also like