পেঙেৰীত আতংকঃ স্বাস্থ্য বিভাগৰ চৰম গাফিলতি ৬ আৰক্ষী জোৱান আক্ৰান্ত বৰডুমচাত ওলাল ৭ প’জিটিভ
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ ক’ৰনা প’জিটিভ কেছৰ প্ৰতি স্বাস্থ্য বিভাগ বেপৰোৱা হৈ পৰাৰ অভিযোগ উঠিছে তিনিচুকীয়া জিলাৰ পেঙেৰীত। উল্লেখ্য যে ১ আগষ্ট তাৰিখে তিনিচুকীয়া জিলাত ধৰা পৰা সৰ্বমুঠ ২৪০ টা ক’ৰনা পজিটিভ কেছৰে এটা পেঙেৰী অঞ্চলৰ। এই মুহূৰ্তলৈকে পেঙেৰীত ধৰা পৰা ক’ভিড আক্ৰান্তৰ ভিতৰত পেঙেৰী চাৰি- আলি নিৱাসী গোপাল গুপ্তা(৪৬) হ’ল তৃতীয়টো উদাহৰণ।
কিন্তু পৰহিৰে পৰা বাতৰি যুগুটোৱা মুহূৰ্তলৈকে গোপালে চিকিৎসকৰ দল অহালৈ বাট চাই আছে যদিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত সমগ্ৰ পেঙেৰীবাসীয়েই আতংকিত হৈ পৰিছে। কাৰণ গোপাল গুপ্তাই লকডাউন শিথিলৰ কালধৰি পেঙেৰী চাৰি- আলিস্থিত চাহ- মিঠাইৰ হোটেলখন চলাই আছিল। অন্যহাতে তেওঁ এটা যৌথ পৰিয়ালৰ সদস্য। তেনেস্থলত স্বাস্থ্য বিভাগে তাৎক্ষণিকভাৱে তেওঁৰ পৰিয়ালৰ লোকৰ লগতে হোটেলখনৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল। একেদৰে প’জিটিভ ব্যক্তিৰ সংক্ৰমণ বৃতান্ত উদ্ধাৰ কৰাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সম্ভাব্য ব্যক্তিৰ তালিকাও প্ৰস্তুত কৰিব লাগিছিল। কিন্তু বাস্তৱিকতে চিকিৎসা বিভাগে ন্যূনতম দায়িত্বকণো পালন নকৰাত চুবুৰীয়াৰ লগতে পেঙেৰী চাৰি- আলিবাসী স্বাভাৱিকতেই আতংকিত হৈ পৰিছে।
যাৰ ফলত পেঙেৰীবাসীয়ে কালি বিয়লি ৩ বজাৰ পৰা পৰীক্ষামূলকভাৱে পৰৱৰ্ত্তী ৩ দিনৰ বাবে ঔষধৰ দোকানৰ বাদে সকলোধৰণৰ দোকান- পোহাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে পেঙেৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয় ডাঃ হিৰণ্যজিৎ গোহাঁইকে ধৰি দুগৰাকীৰ শৰীৰত ক’ৰনা পজিটিভ ধৰা পৰিছিল।
ইফালে বিগত এটা পষেকধৰি বৰডুমচাৰ অৰুণাচল প্ৰদেশৰ অংশকে ধৰি অসম অংশ (মাধৱপুৰ বজাৰ)ৰ লোকসকল গৃহবন্দী হৈ থকাৰ পাছত কালি ৰাজহুৱাকৈ সম্পন্ন ক’ৰনাৰ ৰেপিড টেষ্টত ৭ গৰাকীৰ শৰীৰত ক’ভড-১৯ ৰ উপস্থিতি ধৰা পৰে। যাৰ বাবে পুনৰ এসপ্তাহৰ বাবে লকডাউনৰ সময়সীমা স্বতঃস্ফূৰ্তভাৱে বৃদ্ধি কৰা হয়। মাধৱপুৰৰ চৰকাৰী গাঁওবুঢ়া নীলকন্ঠ শ্ৰেষ্ঠ আৰু বৰডুমচা থানা(অসম)ৰ অ’ চি লাৰ্ণিছ পেগুৰ তত্বাৱধানত স্বাস্থ্য বিভাগৰ ডিগবৈৰ পৰা অহা এটা দলে আজি মাধৱপুৰৰ ব্যৱসায়ীসকলক ৰেপিড টেষ্টৰ ব্যৱস্থা কৰিছিল। কালি ৰেপিড টেষ্ট সম্পন্ন কৰা মুঠ ১০৩ গৰাকী ব্যৱসায়ীৰ ভিতৰত ৭ গৰাকীৰ দেহত ক’ৰনা পজিটিভ ধৰা পৰে। উক্ত ব্যক্তিসকল হ’ল একেটা পৰিয়ালৰ এমৰাজ সোণাৰ(৫৩), জোনা সোণাৰ(৪৫) আৰু অমন সোণাৰ(২৫)ৰ লগতে কুমুদ গগৈ(৫৫), ৰাজকুমাৰ ঠাকুৰ(২৫), চন্দ্ৰেশ্বৰ শ্বাহ(৫৭) আৰু উমা শংকৰ য়াদৱ(৫১)। এই আটাই সকল মাধৱপুৰ বজাৰৰ একেটা লাইনৰে ব্যৱসায়ী। জনামতে উক্ত ব্যৱসায়ী লাইনত অস্থায়ীভাৱে চাহ- মিঠাইৰ দোকান চলোৱা বৰডুমচা(অৰুণাচল) নিৱাসী ক’ভিড ৰোগী ৰঞ্জিৎ গুপ্তা ওৰফে মামাৰ পৰা উক্ত লোকসকলৰ সংক্ৰমণ ঘটে। মামা সম্প্ৰতি অৰুণাচলৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। ইফালে সোণাৰ পৰিয়ালৰ ৩ সদস্যক নিজা গৃহৰ বিপৰীতে অন্যান্যসকলক মাধৱপুৰৰ অতিথি শালাত কুৱাৰাণ্টাইন কৰা হৈছে। অভিযোগ মতে আজিৰ ৰেপিড টেষ্টত ব্যৱসায়ী সকলৰ একাংশই সহযোগ কৰা নাই।
ইফালে তিনিচুকীয়া জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্ত গেটখনৰ ভৌগোলিক অৱস্থানে দুয়োখন ৰাজ্যৰ লোকক যমৰ যন্ত্ৰণা ভোগাই অহাৰ অভিযোগো উঠিছে। কাৰণ অৰুণাচল প্ৰদেশৰ আন্তঃ ৰাজ্যিক পাৰপত্ৰ পৰীক্ষণ চকী অতিক্ৰম কৰিহে অসমৰ একাংশ ব্যৱসায়ীয়ে আপোন ঘৰ কিম্বা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহযাহ কৰিব লগা হোৱাৰ হেতু উক্ত গেটখন শ্বিল্ড কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আহযাহ বাধাগ্ৰস্ত হৈ পৰিছে। আনহাতে জৰুৰীকালীন কৰ্তব্যৰ ক্ষেত্ৰতো উক্ত গেটৰ প্ৰহৰীসকলে পক্ষপাতিত্ব কৰাৰ অভিযোগ উঠিছে। অৰুণাচলৰ জৰুৰীকালীন সেৱা কিম্বা মুধাফুটা ব্যক্তিৰ বাবে অতিক্ৰমণৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে অসমৰ আনহে নালাগে এম্বুলেঞ্চৰ বাবেও প্ৰৱেশত বাধা প্ৰদান কৰা হয়। এই কাৰ্যত ক্ষুণ্ণ হৈ অসমৰ বৰডুমচা (মাধৱপুৰ)বাসী ৰাইজে লকডাউন শিথিলৰ পাছত অৰুণাচলৰ বিৰুদ্ধে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিজুলীবন আৰক্ষী চকীৰ ৬ গৰাকীকৈ আৰক্ষীৰ দেহত কভিড-১৯ ৷ আক্ৰান্ত জোৱান কেইগৰাকী ক্ৰমে উদীপ্ত নাথ, অশোক ডেকা, বিশ্বজিৎ মৰাণ, ৰমাকান্ত দাস, বিচিত্ৰ ৰাভা আৰু বিশ্ব দাধৰা ৷ যোৱা দুই আগষ্টতে আৰক্ষী জোৱান কেইগৰাকীৰ দেহত ক’ৰোণা থকাৰ কথা পোহৰলৈ আহে য’দিও এতিয়ালৈকে জোৱান কেইগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা হোৱা নাই ৷ বিজুলীবনত গণসংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে যদিও প্ৰশাসন তথা স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।