নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাওঁ সদৰ সমষ্টিৰ দ্ৰুত উন্নয়ন হৈছে : ৰূপক শৰ্মা

" কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পতাৰ অধিকাৰ নাই "

 নিয়মীয়া বাৰ্তা   ৩ আগষ্ট : মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰামণ যাতে বেছিকৈ নহয়, তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে আক্ৰান্ত ব্যক্তি সকলক সুস্থ কৰি ঘৰলৈ পঠিওৱা হৈছে। যাৰ বাবে আৰোগ্যৰ হাৰ সন্তুষ্টজনক। “- এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এইদৰে মন্তব্য কৰি বিধায়ক শৰ্মাই কয়, বৰ্তমান বানপানীৰ সময়তো আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে বানাক্ৰান্ত ৰাইজসহায়- সাহাৰ্য কৰি আছে। চৰকাৰী সাহাৰ্য পৰ্যাপ্ত পৰিমাণে দি থকা হৈছে। আগৰ চৰকাৰৰ দিনত চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত দুৰ্নীতি হয়। কিন্তু এতিয়া ৰাইজে সুন্দৰ ভাবে চাউল, দালি আদি খাদ্য সামগ্ৰী লাভ কৰিছে। ইয়াৰ পিছতো কংগ্ৰেছে প্ৰতাৰণা দিৱস পাতি আমাক সমালোচনা কৰিব বিচাৰিছে। আচলতে “ভুতৰ মুখত ৰামনাম”ৰ লেখিয়াকৈয়ে কংগ্ৰেছে এটা সময়ত দুৰ্নীতি-অনিয়ম কৰি অভিলেখ সৃষ্টি কৰি আহিছে। তেনে ক্ষেত্ৰত কংগ্ৰেছে প্ৰতাৰণা দিৱস পতাৰ অৰ্থ নাই। বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা কাম-কাজ সমুহ কংগ্ৰেছৰ দিনতকৈ আকাশ পাতাল পাৰ্থক্য বুলি উল্লেখ বিধায়ক শৰ্মাই কয়, ভাৰতবৰ্ষখন আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ চেষ্টা কৰি দেশখন বিশ্বৰ আগশাৰীৰ দেশত পৰিনত কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও অসমৰ ৩ কোটি ২৩ লাখ মানুহৰ সম বিকাশ আৰু সম উন্নয়নৰ বাবে কাম কৰি আহিছে। কাজিৰঙাৰ লগতে সত্ৰৰ ভুমিৰ পৰা সন্দেহযুক্ত লোকক উচ্ছেদ কৰিছে। বৰ্তমান কাজিৰঙা সুৰক্ষিত। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ ভুমিও বেদখলমুক্ত কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰস্তুত কৰা লাখ লাখ ভুৱা জব কাৰ্য, ভুৱা গৃহ আদিকে ধৰি বিভিন্ন আচনিৰ অধীনত ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আগতে মোটা অংকৰ ধন দিলেহে চৰকাৰী নিযুক্তি লাভ কৰে। এই ব্যৱস্থা বিলুপ্তি ঘটাই চৰকাৰী নিযুক্তি স্বচ্ছ আৰু নিকা কৰি তোলা হৈছে। বৰ্তমান চৰকাৰখনে মেধাৰ ভিত্তিত নিযুক্তি দিয়া বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই কয়, এতিয়া নৱ প্ৰজন্ম‌ই তেওঁলোকে সপোনবোৰ বাস্তৱত পৰিনত কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ প্ৰতাৰণা দিৱসক পুণৰ কঠোৰ সমালোচনা কৰি শৰ্মাই কয়, কোনে কাক প্ৰতাৰণা কৰিছে সেয়া ৰাইজে বিচাৰ কৰিব। কংগ্ৰেছে দীৰ্ঘ বছৰে ৰাইজক কেৱল মিছা প্ৰতিশ্ৰুতি দি আভুৱা ভাৰি আহিছে। বিগত চাৰিটা বছৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যি কাম কৰিছে তাত কোনো ত্ৰুটি নাপায় কংগ্ৰেছে এতিয়া প্ৰতাৰণা দিৱসৰ নামত সমালোচনাৰ টাৰ্গেট কৰি লৈ হাহিয়াতৰ পত্ৰ হৈছে বুলি বিধায়ক শৰ্মাই মন্তব্য কৰিছে।

বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ এক দীঘলীয়া উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰি কয়, নগাঁও সদৰ সমষ্টিত মুঠ ৪২৩টা পথ আৰু পকী নলা মেৰামতি আৰু নিৰ্মাণ কৰা হৈছে। তদুপৰি বিভিন্ন স্থানৰ ৭ খন নতুন পকী দলং নিৰ্মাণ কৰাৰ লগতে নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত আন এখন পকী দলঙৰ নিৰ্মাণৰ কাম চলি আছে। নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত ৩২টাকৈ হাই মাষ্ট লাইট স্থাপন কৰা হৈছে। পৰ্যটন আকৰ্ষণৰ বাবে মৰিকলং বিলৰ সৌন্দৰ্য বৰ্ধনৰ বাবদ ২৭.৯৫ কোটি টকাৰ অনুমোদন লাভ কৰাৰ ওপৰিও মৰিকলং বাছ আস্থানক শীত-তাপ নিয়ন্ত্ৰিত কৰি আধুনিকৰণৰ বাবে ৬ কোটি টকাৰ অনুমোদন লাভ কৰা হৈছে। সদৰ সমষ্টিৰ অন্তৰ্গত ৩৫১টা পৰিয়ালক মাটিৰ পট্ট প্ৰদান কৰা হৈছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২০খন বিচনাযুক্ত আই চি ইউ যুক্ত কভিড হস্পিতাল স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ অধীনত প্ৰায় ৮৮৮০ গৰাকী হিতাধিকাৰীক ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ দিয়া হৈছে। বিভিন্ন পঞ্চায়তত ৩৭টা সামুহিক ভৱন নিৰ্মাণ কৰা হৈছে। নগাঁৱৰ আৰ্থিক ভাবে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে ” সাৰথি” আচনিৰ জৰিয়তে ৪৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নাম ভৰ্তি কৰোৱা হৈছে।

বিধায়ক এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা সমষ্টিৰ ৩২০টা অনুষ্ঠানলৈ অনুদান প্ৰদান, পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি আচনিৰ অধীনত মুঠ ১৩৮০ টা বাসগৃহত বিনামূলীয়া বিদ্যুৎ যোগান, এ পি ডি চি এল অধীনত ৫৫.৯৯ কি:মি: এলেকাত বিদ্যুৎ পৰিবাহী তাঁৰ স্থাপন, কলং নদীৰ দুয়োপাৰে খহনীয়া প্ৰতিৰোধ আৰু সৌন্দৰ্য্য বৰ্ধনৰ ব্যৱস্থা, পাঁচ খন শংকৰদেৱ বিদ্যা নিকেতনলৈ আন্তঃগাথনি উন্নয়নৰ বাবে ১০ লাখকৈ টকাৰ আবন্টন, স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১৩,৮১৫টা শৌচাগাৰ নিৰ্মাণ, অসম দৰ্শন আচনিৰ অধীনত নগাঁৱৰ ১০ খন পৌৰাণিক পৰ্যটন স্থলীলৈ অনুদান দিয়াকে ধৰি বিগত সময়চোৱাত একাধিক আচনি ৰূপায়ণৰ কথা উল্লেখ কৰে বিধায়ক গৰাকীয়ে। আজিৰ সংবাদ মেলত বিজেপিৰ নগাঁও জিলাৰ উপ-সভাপতি ৰঞ্জিত বৰদলৈ, সম্পাদকদ্বয় ডাঃ মুকুট দেৱনাথ, পঙ্কজ বৰা, সম্পাদক প্ৰনৱ দাস আদি উপস্থিত থাকে।

You might also like