নিয়মীয়া বাৰ্তা ৩ আগষ্টঃ ৰাজ্যত মহামাৰী ক’ৰোনা ভাইৰাছে বৰ্তমান সময়ত সামাজিক সংক্ৰমণ চলাই সন্ত্ৰাস চলাই আতংকিত কৰা দৰে নগাঁও জিলাৰ ৰহা বজাৰতো সকলোকে আতংকিত কৰি তুলিছে। জানিব পৰামতে আজি ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত স্বাস্থ্য বিভাগে বিভিন্নজন লোকৰ ৰেপিড টেষ্ট কিটৰ দ্বাৰা পৰীক্ষা চলোৱাত দহজন ব্যক্তিৰ দেহত কভিড-১৯ পজিটিভ বুলি নিশ্চিত হৈছে। বাৰপূজীয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ লক্ষীধৰ দাসৰ পৰা জানিব পৰামতে আক্ৰান্ত সকলৰ ভিতৰত ৰহা বজাৰৰ অভিজিৎ দত্ত(৪২), প্ৰহ্লাদ মূদৈ(৫৮), মনদ্বীপ বৰা(৩০), উত্তম বনিক(৪৭), হৰেকৃষ্ণ দাস(৩২), সন্তোষ কুমাৰ বনিক(৫৬), কংকনা বৰা(৩০,চাপৰমূখ), সুনীল কুমাৰ বৰদলৈ(৫৭) , পিংকু যাদৱ(৩৬), ভাৰ্গৱ ভৰালী(নগাঁও) বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব দিয়া মতে লোককেইজন ক’ভিড-১৯ পজিটিভ নিশ্চিত হোৱাৰ লগে লগে চাপৰমুখ অতিথিশালাত নতুনকৈ স্থাপন কৰা ক’ভিড চিকিৎসালয়ত কেইজনমানক ভৰ্তি কৰা লগতে বাকী কেইজন হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিছে। উল্লেখ্য যে, আজি পৰীক্ষাত ক’ভিড পজিটিভ ধৰা পৰা লগে লগে ৰহা বজাৰত ক’ৰোনাৰ সামাজিক সংক্ৰমণ নিশ্চিত হৈ পৰিছে।