ৰাম মন্দিৰৰ বাবে মূৰ্তি বনোৱাত ব্যস্ত অসমৰ ৰঞ্জিত মণ্ডলৰ পৰিয়াল
নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ বহু বছৰজোৰা সংগ্ৰাম-আকাংক্ষাৰ ফল অযোধ্যাৰ ৰাম মন্দিৰ। কাইলৈ এই মন্দিৰৰ ভূমি পূজন কৰা হব। ইতিমধ্যে সকলো ফালৰ পৰা সাজু কৰি তোলা হৈছে ৰাম মন্দিৰক সাকাৰ ৰূপলৈ পৰিৱৰ্তনৰ কাৰ্যসূচী।
কিন্তু এই সকলোৰে মাজত বিশেষকৈ অসমৰ বাবে আছে এটা বিশেষ খবৰ, সেয়া হৈছে ৰাম মন্দিৰত স্থাপন কৰিবলগীয়া মূৰ্তি নিৰ্মাণত ব্যস্ত আছে অসমৰ শিলচৰৰ এটা শিল্পী পৰিয়াল। ২০১৩ চনৰ পৰা এই পৰিয়ালটো ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত আছে।
মূৰ্তি নিৰ্মাণত জড়িত অসমৰ এই শিল্পী পৰিয়লাটো ৰঞ্জিত মণ্ডলৰ। ৰঞ্জিত মণ্ডলে মুখ্য কাৰিকৰ হিচাপে মূৰ্তি নিৰ্মাণত জড়িত থকাৰ লগতে তেওঁৰ পিতৃ নাৰায়ণ মণ্ডল আৰু কণমানি পুত্ৰ সন্তানটিও এই ঐতিহাসিক ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত জড়িত আছে।
ৰঞ্জিত মণ্ডলে জনোৱা মতে, বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিংঘালে গুৱাহাটীৰ ৰূপনগৰত বনোৱা এটা মূৰ্তি দেখি অতি মুগ্ধ হৈছিল আৰু দিল্লীলৈ লৈ আহিছিল। সেয়া আছিল ১৯৯৭ চনৰ কথা। ইয়াৰ পিছত মণ্ডলে ২০১৩ চনত ৰাম মন্দিৰৰ বাবে মূৰ্তি বনোৱাৰ প্ৰস্তাৱ পায়।
আজি ৭ বছৰে তেওঁ ভগৱান ৰামৰ জন্মৰ আগৰ কিছু ঘটনালানিৰ পৰা ৰামৰ শৈশৱ, কৈশোৰ, বিবাহ, সীতাহৰণ আদি ৰামায়ণ আধাৰিত কাহিনীৰ আলমত নিৰ্মাণ কৰিছে বিভিন্ন মূৰ্তি। ৰাম কথা কুঞ্জ শিতানত এই মূৰ্তিসমূহ সন্নিৱিষ্ট কৰাৰ কথা জানিবলৈ দিয়ে শিল্পী ৰঞ্জিত মণ্ডলে।
এইদৰে এটা ঐতিহাসিক মন্দিৰৰ মূৰ্তি নিৰ্মাণৰে অসমৰ এগৰাকী শিল্পী আৰু তেওঁৰ পৰিয়াল জড়িত থকাটোৱে নিশ্চিতভাৱে গৌৰৱান্বিত কৰিছে অসম ৰাজ্যক।