নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাটছএপৰ নতুন ফিচাৰ, ধৰা পৰিব ভাইৰেল মেছেজৰ সত্যতা

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ আশংকা-আশ্চৰ্য্য সৃষ্টি কৰা খবৰৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা বহুতৰে আছে। ম’বাইলৰ নানা এপছৰ লগতে বহুল প্ৰচলিত হোৱাটছএপ যোগেও আহে এনে ভাইৰেল খবৰ। কিন্তু ই সঁচা নে মিছা তাক লৈ থাকে সন্দেহ। আপুনি তাক বিশ্বাস কৰিবও পাৰে বা নকৰিবও পাৰে।

এনে সন্দেহজনক অৱস্থাত এতিয়াৰ পৰা কোনো পৰিব নালাগে। কিয়নো হোৱাটছএপে উলিয়াইছে এটা নতুন ফিচাৰ। এই ফিচাৰ অনুযায়ী কোনো ভাইৰেল খবৰৰ সত্যাসত্য বিচাৰ কৰিব পৰা যাব।

ফৰৱাৰ্ড কৰা কোনো ভাইৰেল মেছেজৰ সত্যাসত্য হোৱাটছএপতে সন্নিৱিষ্ট থকা এই নতুন ফিচাৰ অনুযায়ী দিয়া ষ্টেটমেষ্ট- Search the webত ছাৰ্চ কৰিব লাগিব। ইয়াৰ জৰিয়তে ফৰৱাৰ্ড কৰা ভাইৰেল মেছেজৰ উৎসৰ বিষয়ে জানিব পৰা যাব।

দৰাচলতে উক্ত ফিচাৰটো ব্যৱহাৰ কৰাৰ বাবে অকল হোৱাটছএপেই যথেষ্ট নহয়। হোৱাটছএপ কৰ্তৃপক্ষই জনোৱা মতে, ফিচাৰটোৱে এটা উপায় দিয়ে, যাৰ জৰিয়তে আপুনি উক্ত মেছেজটো ব্ৰাউজাৰৰ সহায়ত আপলোড কৰি উঠি ইণ্টাৰনেটযোগে ক্ৰছ-চেক বা পুনৰীক্ষণ কৰিব লাগিব। এনে অৱস্থাত ইয়াৰ উৎস আৰু সত্যতা বুজিব পৰা যাব।

উল্লেখ্য আজিৰ পৰা এই নতুন ফিচাৰ ব্ৰাজিল, ইটালী, আয়াৰলেণ্ড, মেক্সিকো, স্পেইন, ইউ কেত শুভাৰম্ভ কৰা হৈছে।

You might also like