সোণাৰি চাপৰি ৰেপিদ টেষ্টত একে দিনাই নাপিত আশা কৰ্মী সহ ৬ জনৰ পজিটিভ
নিয়মীয়া বাৰ্তা ৪ আগষ্ট: দেশ জুৰি ক’ৰোনা সংক্ৰমনে আতংকৰ স্ষ্টি কৰাৰ মাজতে ৰাজ্যত আনলক ৩ প্ৰৱতন কৰাৰ সময়তে সোণাৰি চাপৰিত এগৰাকী আশা কৰ্মী এজন নাপিত । এজন মোবাইল ফোন মেৰামতি কৰা লোক । দুজন ব্যবসায়ী আৰু এগৰাকী কিশোৰী সহ ৬ গৰাকী লোকৰ দেহত আজি ৰেপিদ টেষ্টত ক’ৰোনা প্ৰজিতিভ ধৰা পৰাত অঞ্চলটোত আতংকৰ স্ষ্টি হৈছে।
আনহাতে ঢকুৱাখনাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীৰ দেহত ক’ভিদ প্ৰজিতিভ ধৰা পৰাত উক্ত বিভাগৰ সোণাৰি চাপৰিৰ দুই কৰ্মচাৰীক আজি লৈকে স্বাস্থ্য পৰীক্ষা নকৰাত আন এক আতংকই বিৰাজ কৰিছে ৷ এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰীৰ লগতে সমগ্ৰ সোণাৰি চাপৰি . কেকুঁৰি . কেকুঁৰি পমুৱা অঞ্চলত ৰেপিদ টেষ্টৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে অঞ্চল বাসীয়ে ৷