ৰহাত বিজেপিৰ যুৱকৰ্মী সঞ্জীৱ হাজৰিকাৰ মহানুভৱতা; আশীতিপৰ বৃদ্ধ দম্পতীৰ খাদ্য-সামগ্ৰীৰ দায়িত্ব গ্ৰহণ
নিয়মীয়া বাৰ্তা, ৪ আগষ্ট: নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ চহৰী গাঁওপঞ্চায়তৰ এহাল কেউ কিছু নথকা অশীতিপৰ বৃদ্ধ-বৃদ্ধাৰ এক কৰুণ কাহিনী। চহৰী পঞ্চায়তৰ সৰিয়হতলী ন নম্বৰ ৱাৰ্ডৰ শান্তিপুৰত ঘৰ এই বৃদ্ধ দম্পতিটোৰ। বৃদ্ধৰ নাম ৰবীন্দ্ৰ নাথ(৮০) একমাত্ৰ পত্নীৰ সৈতে বৃদ্ধ বাস কৰে এটা জৰাজীৰ্ণ জুপুৰীত। বৃদ্ধ-বৃদ্ধাৰ দুজনী কন্যা সন্তান আছিল যদিও দুয়োকে বিয়া দিয়াৰ পিচত অকলশৰীয়া হৈ পৰে বৃদ্ধ-বৃদ্ধা। নিজা মাটি, সম্পত্তি বুলিবলৈ একো নাই। দুজনী ছোৱালী বিয়া দিওতে যি কন ভেটি-মাটি আছিল সেয়াও বিক্ৰী হ’ল। আনৰ মাটিতে কোনোমতে ঘৰটো সাজি ৰ’দ বৰষুণৰ পৰা ৰক্ষা পৰি আছে। কিন্তু দুৰ্ভাগ্য বিষয় যে ৰহা উন্নয়ন খণ্ডৰ চহৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰৰ এই বৃদ্ধ দম্পতীয়ে আজি পৰ্যন্ত চৰকাৰৰ বৃদ্ধ পেন্সন পাবলৈ সক্ষম নহ’ল। কি কাৰণে এই অশীতিপৰ দম্পতীয়ে বৃদ্ধ পেন্সন নাপালে ইয়াৰ উত্তৰ কেৱল পঞ্চায়তৰ প্ৰতিনিধিহে উত্তৰ দিব পাৰিব। আত্মীয়, ওচৰ চুবুৰীয়া নাইবা চিনাকী মানুহৰ দুই, এটকা সহায়েৰে কোনোমতে চলি আছে বৃদ্ধ দম্পতীটো। ৭৫ বছৰীয়া পত্নী মিলেমাই দেৱীয়ে এই বয়সতো আনৰ ঘৰত কাম কৰিবলগীয়া হয় পেটৰ ভাতমুঠিৰ বাবে। চৰকাৰী সা-সুবিধাৰ নামত ফুটাকড়ি এটাও পোৱা নাই বৃদ্ধ বৃদ্ধাই।
আনৰ অনুগ্ৰগত কোনো মতে জীয়াই আছে বৃদ্ধ- বৃদ্ধা। দুবছৰৰ আগৰ পৰা বৃদ্ধ আক্ৰান্ত হৈছে বাৰ্ধক্যজনিত ৰোগত। বৃদ্ধ এতিয়াও ৰোগগ্ৰস্থ। কিন্তু চিকিৎসা কৰিবলৈ হাতত নাই ধন। ফলত বিনা চিকিৎসাই বিচনাতে পৰি থাকিবলগীয়া হৈছে বৃদ্ধ। “মানুহে মানুহৰ বাবে”‘ নিদৰ্শন দাঙি ধৰি ৰহা বিজেপিৰ যুৱকৰ্মী সঞ্জীৱ হাজৰিকাই বৃদ্ধ দম্পতীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা লগতে খোৱা খাদ্য-সামগ্ৰী যোগান ধৰে। বিজেপি যুৱনেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বৃদ্ধ দম্পতীহালৰ ভৱিষ্যতৰ সময়খিনিৰ বাবে সকলো খোৱা খাদ্যৰ যোগান ধৰা দায়িত্ব গ্ৰহণ কৰিছে। উল্লেখ্য যে, এই বয়সতো দৰিদ্ৰ বৃদ্ধ দম্পতীহালে কিয় বৃদ্ধ পেন্সনকে ধৰি চৰকাৰী সা-সুবিধা তথা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে সেয়া অতি বিচাৰ্য বিষয়।